নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটাই চকু, তাকো কপালত, সেই এটা চকুতেই দুটা মণি.. চাওক সৱিশেষ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ কেৱল এটা চকু, সেইটো আছে কপালত, সেই এটা চকুতে দুটা মণি… এই অদ্ভুত দৃশ্য উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ এখন সৰু গাঁৱৰ। বহুলোকে বিশ্বাস কৰিছে যে এই ছাগলীটোৰ গাত কোনো ঐশ্বৰিক শক্তি অন্তৰ্নিহিত হৈ আছে। যাৰ বাবে ছাগলীটোক লৈ পূজা অৰ্চনা আৰম্ভ হ’ল গাঁওবাসীৰ মাজত! গাঁওবাসীৰ বিশ্বাস যে কপালত চকু মহাদেৱৰ ৰূপ… কপালৰ চকু প্ৰকৃততে ত্ৰিনয়ন!

কেৱল চকুয়েই নহয়, ছাগলীটোৰ মুখখনো অসম্পূৰ্ণ। জিভাখন সদায় মুখৰ পৰা ওলমি থাকে। মুঠৰ ওপৰত সকলোতে পৃথক এই ছাগলীটো।

ইপিনে ছাগলীটোৰ মালিকে তাক ‘ঈশ্বৰৰ আশীর্বাদ’ বুলি ভাবি ঈশ্বৰক ধন্যবাদ জনাইছে।

You might also like