নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী দিল্লীত দুটাকৈ আইইডিসহ গ্রেপ্তাৰ আইছিছৰ দুর্ধর্ষ সদস্য

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰ ভয়াৱহ আক্রমণৰ পৰা ৰক্ষা পৰিল দেশৰ ৰাজধানী নতুন দিল্লী৷ যোৱানিশা দিল্লী আৰক্ষীয়ে ধাউলা কুৱান অঞ্চলত সংঘর্ষৰ অন্তত এটা আইছিছ সন্ত্রাসবাদী গ্রেপ্তাৰ কৰাৰ লগে লগে দিল্লীত আইছিছৰ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ কৰিবলৈ সক্ষম হয়৷ সংঘর্ষৰ পিছত গ্রেপ্তাৰ কৰা মহম্মদ মুস্তাকিন খান ওৰফে ইউছুফ ওৰফে আবু ইউছুফৰ পৰা দুটা আইইডি প্রেছাৰ কুকাৰ উদ্ধাৰ কৰে৷ এই প্রেছাৰ কুকাৰ দুটাত প্রায় ১৫ কিলোগ্রাম বিস্ফোৰক আছে৷ লগতে এটা পিষ্টলো ইউছুফৰ পৰা উদ্ধাৰ কৰে দিল্লী আৰক্ষীয়ে৷

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ ডিচিপি পি এছ কুচৱাহাই সংবাদ মেলত প্রকাশ কৰা মতে উত্তৰ প্রদেশৰ বলোৰামপুৰৰ বাসিন্দা আইছিছ সন্ত্রাসবাদী আবু ছাইফৰ পৰা দুটা প্রেছাৰ কুকাৰ আইইডি উদ্ধাৰ কৰা হৈছে৷ সন্ত্রাসবাদীটোৱে ১৫ আগষ্টত ৰাজধানী দিল্লীত ভয়াৱহ আক্রমণৰ ব্লুপ্রিণ্ট ৰচিছিল যদিও অভেদ্য দুর্গত পৰিণত হোৱাৰ বাবে সন্ত্রাসবাদী সংগঠনটোৰ ব্লুপ্রিণ্ট কার্যকৰী কৰিব নোৱাৰিলে৷ আইছিছ সন্ত্রাসবাদীটোক গ্রেপ্তাৰ কৰাৰ পিছতে ৰাজধানী দিল্লী আৰু উত্তৰ প্রদেশৰ নইদাত হাই এলার্ট জাৰি কৰা হৈছে৷ ডিচিপি কুচৱাহাই প্রকাশ কৰা মতে, ক’ভিড–১৯ৰ বাবে ঘূৰা–ফুৰাত প্রতিবন্ধকতা থকাৰ বাবেই দিল্লীত ১৫ আগষ্টত আক্রমণৰ পৰিকল্পনা কার্যকৰী কৰিব নোৱাৰিলে আইছিছ ইউছুফে৷ সন্ত্রাসবাদী ইউছুফে ভাৰতত আক্রমণ কৰিবলৈ নির্দেশ দিয়া আইছিছৰ নেতৃত্বৰ সৈতে অহৰহ সম্পর্কত আছিল বুলিও ডিচিপিগৰাকীয়ে প্রকাশ কৰিছে৷

আইছিছৰ কমাণ্ডাৰৰ সৈতে প্রত্যক্ষ যোগাযোগ থকা আবু ইউছুফে পৰিয়ালসহ আফগানিস্তানৰ খুৰাচনৰ হিজৰাটলৈ যোৱাৰ পৰিকল্পনা কৰি পত্নী আৰু চাৰি সন্তানৰ নামত পাছপ’ট সংগ্রহ কৰিছিল৷ আবু হুজাফা অল বাকিস্তানী নামৰ আইছিছৰ কমাণ্ডাৰৰ নির্দেশ মর্মেই আবু ইউছুফে এই পদক্ষেপ লৈছিল৷ আবু হুজাফাৰ অধীনত সন্ত্রাসবাদীৰ কার্যকলাপত জড়িত ইউছুফে ইয়াৰ পূর্বে ইউছুফ আলহিন্দী নামৰ কমাণ্ডাৰৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলিছিল৷ ইউছুফ আলহিন্দী ছিৰিয়াত নিহত হোৱাৰ বিপৰীতে আবু হুজাফা আফগানিস্তানত সেনাৰ ড্র’ন আক্রমণত নিহত হৈছে বুলি কয় ডিচিপিগৰাকীয়ে৷ বিৱৰণী মতে যোৱানিশা ধাউলা কুৱান আৰু কাৰলবাগৰ মাজত ৰিজৰ’ড অঞ্চলত সংঘর্ষৰ অন্তত আবু ইউছুফক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল দিল্লী আৰক্ষী৷

ডিচিপিগৰাকীয়ে প্রকাশ কৰা মতে, বিগত বছৰৰ পৰাই আবু ইউছুফক নিৰীক্ষণত ৰক্ষা হৈছিল৷ যোৱা বর্ষৰ পৰাই ইউছুফক গ্রেপ্তাৰ কৰাৰ বাবে অভিযান চলাই থকা হৈছিল৷ অৱশেষত কালি ইউছুফক গ্রেপ্তাৰ কৰা হ’ল৷ কুখ্যাত আইছিছৰ সদস্য ইউছুফক ৭ দিনৰ আৰক্ষী জিম্মাত দিয়া হৈছে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ বিষয়াই সন্ত্রাসবাদী ইউছুফক উত্তৰ প্রদেশৰ বলোৰামপুৰলৈ নি তদন্ত চলাব৷ ধৃত ইউছুফৰ সক্রিয়তাই দেশত উদ্বেগজনকভাৱে বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আইছিছৰ নেটৱর্ক বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে৷

You might also like