পাকিস্তানী পতাকাৰ বিলৈ, পাক অধিকৃত কাশ্মীৰীয়ে নমালে পতাকা
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ পাক অধিকৃত কাশ্মীৰৰ এটা ঘটনাই আশ্চাৰ্যান্বিত কৰিছে সকলোকে। কালি পাক অধিকৃত কাশ্মীৰৰ ডাডিয়াল অঞ্চলৰ চাৰিআলিৰ চ’ক এটাত আঁৰি থোৱা পাকিস্তানৰ পতাকা নমাই আনে এজন লোকে।
পেছাত সাংবাদিক তনবীৰ আহমেদ নামৰ লোকগৰাকীয়ে পতাকাখন আঁতৰ কৰাৰ বাবে কিছুদিন আগতে অনশনো কৰিছিল। কিন্তু প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাছিল লোকগৰাকীৰ আহ্বানলৈ। অনশনক মূল্য নিদিয়াত তনবীৰ আহমেদে কালি দিন-দুপৰতে পতাকাখন নমাই আনে।
Pakistan Occupied Kashmir: An activist who was on a hunger strike demanding the removal of Pakistani flags from the area, later removed the flags by himself in Dadyal. He says, “I removed a Pakistani flag from the area & now I am being followed by secret agencies.” (21.8) pic.twitter.com/RLMkdgSP1H
— ANI (@ANI) August 21, 2020
এই কাৰ্যৰ পিছত লোকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পাক অধিকৃত কাশ্মীৰ প্ৰশাসনৰ তীব্ৰ নিৰ্যাতনৰ সন্মুখীনো হ’ব লগা হয় সমাজকৰ্মী তনবীৰ আহমেদ। কিন্তু আহমেদ নিজৰ মতত অটল। তেওঁৰ মতে, পাকিস্তানী সেনা তথা চৰকাৰে বলপূৰ্বকভাৱে ডাডিয়াল অঞ্চল দখল কৰি ৰাখিছে।
উল্লেখ্য সমাজকৰ্মী তনবীৰ আহমেদে পাক প্ৰধানমন্ত্ৰী ইমৰান খান মুজাফ্ফৰবাদলৈ আহোঁতেও প্ৰতিবাদ সাব্যস্ত কৰিছিল। কাশ্মীৰক লৈ পাকিস্তানৰ দাবীৰ শূন্যতা তনবীৰ আহমেদৰ এই প্ৰতিবাদে প্ৰমাণ কৰা বুলি চৰ্চা চলিছে।