নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাজন-নেটফ্লিক্সৰ সৈতে যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে আদানি-আম্বানীয়ে

বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ নেটফ্লিক্স আৰু এমাজনক প্ৰত্য়াহ্বান জনাবলৈ এইবাৰ অ’টিটি-ৰ ময়দানত নামিছে গৌতম আদানি আৰু মুকেশ আম্বানী। অ’টিটি-ৰ জগতত একছত্র আধিপত্য নেটফ্লিক্স আৰু এমাজনৰ। কোটি কোটি দর্শক তেওঁলোকৰ। অ’টিটি-ৰ জগতৰ উজ্জ্বলভবিষ্যত দেখি এইবাৰ তালৈ মন মেলিছে এই দুই উদ্যোগপতিয়ে। জেমছ মার্ডকৰ বোধি ট্রি ছিস্টেমৰ আর্থিক সহযোগিতাত পেৰামাউন্ট গ্লোবেলৰ সৈতে যৌথভাবে অ’টিটি জগতত নামিছে আম্বানী ভায়াকম ১৮ মিডিয়া প্রাইভেট লিমিটে়ড। আনপিনে, আদানি এন্টাৰপ্রাইছেছ লিমিটেডে এমজি মিডিয়া নেটৱর্কৰ সৈতে কাম আৰম্ভ কৰি দিছে।

You might also like