এডিআৰৰ প্রতিবেদন ছয় বছৰত কংগ্রেছ এৰি আন দললৈ ১৭০ জনপ্রতিনিধি
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ দল বাগৰা প্রক্রিয়াক প্রতিহত কৰাৰ বাবে দেশত আইন প্রণয়ন হৈ আছে যদিও ৰাজনৈতিক দলসমূহৰ জনপ্রতিনিধিয়ে ইটো দলৰ পৰা সিটো দললৈ যোৱাৰ প্রক্রিয়া অব্যাহত আছে৷ নির্বাচন অধিকাৰৰ প্রহৰী সংস্থা এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰি–ফর্মছ, চমুকৈ এ ডি আৰে প্রকাশ কৰা তথ্য অনুসৰি ২০১৬ চনৰ পৰা ২০২০ চনলৈকে ৪৩৩জন প্রতিনিধিয়ে দল বাগৰা ৰাজনীতিত জড়িত হৈ আছে৷ ইয়াৰ ভিতৰত উক্ত সময়ছোৱাত শতিকা পুৰণি দল কংগ্রেছৰ পৰা ১৭০জন জনপ্রতিনিধিয়ে দল এৰি আন দলত যোগদান কৰিছে৷ আনপিনে, বর্তমান কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ মাত্র ১৮জন জনপ্রতিনিধিয়ে নিজ দল এৰি আন দলত যোগদান কৰিছে৷ সাধাৰণতে এই দল বাগৰা ৰাজনীতি নির্বাচনৰ সময়ছোৱাতে সর্বাধিক চলে৷ এ ডি আৰৰ নতুন প্রতিবেদন মতে, ২০১৬–২০২০ চনৰ ভিতৰত ৪০৫জন পুনৰ প্রতিদ্বন্দ্বিতা কৰা বিধায়কৰ ভিতৰত ১৮২জনে ভাৰতীয় জনতা পার্টীত যোগদান কৰাৰ বিপৰীতে ৩৮জন কংগ্রেছত আৰু ২৫জন তেলেংগনা ৰাষ্ট্রীয় সমিতিত যোগদান কৰিছে৷ আনপিনে ২০১৯ চনৰ লোকসভা নির্বাচনৰ সময়ত ৫জন লোকসভাৰ বিজেপি সাংসদে দল এৰি আন দলত যোগদান কৰাৰ বিপৰীতে এই সময়ছোৱাত ৰাজ্যসভাৰ ৭জন সাংসদে কংগ্রেছ এৰি আন দলৰ হৈ প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ মন কৰিবলগীয়া যে মধ্যপ্রদেশ, মণিপুৰ, গোৱা, অৰুণাচল প্রদেশ আৰু কর্ণাটক চৰকাৰৰ পতন হৈছিল একাংশ বিধায়কে দল এৰাৰ বাবে৷ লক্ষণীয় যে এ ডি আৰে এই প্রতিবেদন প্রকাশ কৰিছে জনপ্রতিনিধিসকলে নিজেই দাখিল কৰা শপতনামাৰ তথ্যৰ আধাৰত৷