দেশ বিদেশৰাষ্ট্ৰীয় সীমান্তত ভাৰত-চীনৰ সংঘৰ্ষৰ পাছতেই ঝাৰখণ্ডৰ পৰা লাডাখলৈ শ্ৰমিক ট্ৰেইন বাতিল By নিয়মীয়া বাৰ্তা On Jun 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ঝাৰখণ্ডৰ ডুমকাৰ পৰা ১৬ শ প্ৰৱাসী শ্ৰমিকক লৈ লাডাখৰ লেহলৈ যাত্ৰা কৰা এখন বিশেষ শ্ৰমিক ৰে’ল বাতিল কৰা হৈছে । এই শ্ৰমিকসকলক সীমা পথ সংস্থাৰ (BRO) পথ নিৰ্মাণ কাৰ্যৰ বাবে নিয়া হৈছিল । সংবাদ সংস্থা ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, মঙলবাৰে ইয়াক বাতিল কৰা হয় । ভাৰত-চীন সীমান্তত সংঘৰ্ষৰ বাবেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে । ইপিনে ইয়াৰ পূৰ্বেও ১৩ জুনত এখন বিশেষ ৰে’লেৰে শ্ৰমিকক লৈ লেহলৈ গৈছিল । বিআৰঅ’ আৰু ঝাড়খণ্ডৰ মাজত এক চুক্তিৰ আওতাত এই শ্রমিকসকলক লেহ লৈ যোৱা হৈছিল। ডুমকাৰ জিলা উপায়ুক্ত ৰাজেশ্বৰী বীয়ে কৈছে যে এই বিশেষ ৰে’লখন শ্ৰমিকসকলৰ সুৰক্ষাৰ স্বাৰ্থতে বাতিল কৰা হৈছে । ইয়াৰ লগতে চীন সীমান্তৱৰ্তী হিমাচলৰ বহু অঞ্চলতো এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে । Share