ফৰাচী ৰাষ্ট্রপতি মেক্র’নৰ স্থিতিৰ বিৰুদ্ধে উত্তাল মুছলিম বিশ্ব
তৃতীয় বিশ্বযুদ্ধৰ হুংকাৰ গুলবুদ্দিন হেকমাটিয়াৰৰ
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ পয়গম্বৰ হজৰত মহম্মদৰ কার্টুন প্রকাশৰ অধিকাৰক সুৰক্ষা প্রদান কৰিবলৈ সংকল্পবদ্ধ হোৱা ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নৰ বিৰুদ্ধে আজি সমগ্র ইছলামিক বিশ্বত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ ফ্রান্সবিৰোধী বিক্ষোভত আজি পাকিস্তান আৰু আফগানিস্তানত মুছলিম বিশ্বত ইউৰোপীয় দেশখনৰ বিৰুদ্ধে বিক্ষোভৰ সূত্রপাত ঘটাৰ মাত্র এদিন পূর্বে ফৰাচী চহৰ নিচৰ গির্জাত ইছলামিষ্ট সন্ত্রাসবাদীয়ে মহিলাসহ তিনিগৰাকী লোকক নৃশংসভাৱে হত্যা কৰিছিল৷ পাকিস্তানৰ ইছলামাবাদ মূলতান আদি চহৰ আজি ফ্রান্সবিৰোধী বিক্ষোভত উত্তপ্ত হয়৷ ফৰাচী দূতাবাসৰ বাহিৰত আজি ইছলাম ধর্মাৱলম্বী লোকসকলে সাব্যস্ত কৰে প্রতিবাদ৷ লক্ষণীয়ভাৱে লেবানন আৰু গাজা ষ্ট্রীপতো কট্টৰ ইলামিষ্টসকলে উলিয়াই ফ্রান্সবিৰোধী প্রতিবাদী সমদল৷ আফগানিস্তানত গুলবুদ্দিন হেকমাটিয়াৰে ফৰাচী ৰাষ্ট্রপতি মেক্র’নক এইবুলি সতর্কবাণী শুনাইছে যে পৰিস্থিতি নিয়ন্ত্রণ নহ’লে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব আৰু ইয়াৰ বাবে জগৰীয়া হ’ব ফ্রান্স৷ লক্ষণীয়ভাৱে চলিত মাহৰ আৰম্ভণিতে মুছলমান যুৱক এজনে ফৰাচী শিক্ষক এগৰাকীৰ শিৰচ্ছেদ কৰাৰ পিছৰে পৰা ইউৰোপীয় দেশৰ ৰাষ্ট্রপতিগৰাকীয়ে কট্টৰ ইছলামিষ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰি আহিছে৷ তেতিয়াৰে পৰা মুছলিম বিশ্বৰ সৈতে ফ্রান্সৰ মতানৈক্য তীব্রতৰ হৈছে৷