নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রতিখন গাঁৱত হ’ব ইণ্টাৰনেটৰ সংযোগ

মোদী কেবিনেটৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ১ জুলাইঃ ক’ৰোনাকালৰ মাজতে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অর্থনৈতিক পৰিক্রমাৰ কেবিনেট কমিটী (চি চি ই এ)ত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ দেশৰ প্রতিখন গাঁৱত ইণ্টাৰনেট আৰু বিদ্যুৎ সংযোগৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ঘোষিত সাহায্য পেকেজত অনুমোদন জনোৱা হয়৷ বিত্তমন্ত্রীৰ ৬.৩ লাখ কোটি সাহায্য পেকেজত অনুমোদন জনায় কেবিনেটে৷ এই সাহায্য পেকেজত ১.১০ লাখ কোটি টকাৰ ঋণ নিশ্চিত আঁচনি আৰু চৰকাৰে ঘোষণা কৰা ৮ নতুন আঁচনি আছে৷ প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশজুৰি বিদ্যুৎ বিতৰণ সংস্কাৰত অনুমোদন জনোৱা হয়৷

এই বিদ্যুৎ বিতৰণৰ সংস্কাৰৰ লগে লগে দেশৰ প্রতিখন গাঁৱত বিদ্যুতৰ ক্ষেত্রত ব্যাপক সংস্কাৰ হ’ব৷ বিদ্যুৎ বিতৰণ সংস্কাৰৰ ফলত কৃষকৰ কাৰণে বিদ্যুৎ যোগান উন্নীতকৰণত প্রাধান্য দিয়া হয়৷ সৌৰশক্তিৰ জৰিয়তে কৃষিখণ্ডত বিদ্যুৎ যোগান সহজলভ্য কৰি তোলা হ’ব৷ প্রধানমন্ত্রী কৃষাণ উৰজা সুৰক্ষা ইভেম উত্থান মহাভিযান (পি এম–কুসুম) আঁচনি সাঙুৰি লোৱা হ’ব৷ তদুপৰি পি পি পি (পাব্লিক পাইভেট পার্টনাৰশ্বিপ) মডেলৰ জৰিয়তে প্রি–পেইড মিটাৰৰ ব্যৱস্থা কৰা হ’ব৷ ইপিনে, দেশৰ প্রতিখন গাঁৱক ভাৰত নেট প্রকল্পৰ জৰিয়তে ইণ্টাৰনেটেৰে সংযোগ কৰা হ’ব৷ এই ভাৰত নেট প্রকল্পৰ বাবে কেবিনেটে ১৯,০৪১ কোটি টকাৰ অনুমোদন জনায়৷ উত্তৰ–পূবৰ ৰাজ্য অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্রদেশসহ ১৬ ৰাজ্যক সাঙুৰি লোৱা হৈছে৷

ভাৰত নেট প্রকল্পৰ জৰিয়তে এই ১৬ ৰাজ্যৰ সকলো গাঁৱত ইণ্টানেট সংযোগ কৰা হ’ব৷ ৰাজ্যকেইখনৰ গাঁও পঞ্চায়তসমূহৰ অন্তর্গত সকলো গাঁওসহ দেশৰ প্রায় ৩.৬১ লাখ গাঁও ইণ্টাৰনেটেৰে সংযোগ হ’ব৷ এই ভাৰত নেট প্রকল্পটো হৈছে পি পি পি মডেলৰ৷ আনপিনে, আত্মনির্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীৰ পঞ্জীয়নৰ সময়সীমা ৩০ জুন ২০২১ৰ পৰা ৩১ মার্চ ২০২২ চনলৈ বৃদ্ধি কৰা হৈছে৷ প্রতিখন গাঁৱত তথ্য ঘাইপথৰ সংযুক্ত হোৱাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদে কয় যে যোৱা বর্ষৰ ১৫ আগষ্টত দেশৰ ৬ লাখ গাঁৱত অপটিকেল ব্রডবেণ্ডেৰে সংযোগ কৰাৰ লক্ষ্য লোৱা হৈছে৷ আজিৰ তাৰিখত দেশৰ ১.৫৬ লাখ গাঁৱত এই ব্যৱস্থা হৈছে৷ ভাৰত নেট প্রকল্প পি পি পি মডেলৰ অধীনত ১৬খন ৰাজ্যক সাঙুৰি লোৱা হৈছে৷ এই প্রকল্পৰ বাবে দেশৰ সমগ্র গাঁৱত ইণ্টাৰনেট নেটৱর্ক গঢ়ি তোলাৰ বাবে ৩০ বছৰৰ কাৰণে চুক্তি সম্পন্ন কৰা হৈছে৷ ইণ্টাৰনেট সংযোগ হোৱাৰ লগে লগে প্রতিখন গাঁৱত টেলিমেডিচিন সুবিধাও প্রদান কৰা হ’ব

You might also like