নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনত ১৩ বিলিয়ন মার্কিন ডলাৰ উপার্জন বেজ’ছৰ

আমাজ’নৰ চিই’ৰ সম্পত্তি ১৮৯ বিলিয়নলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ সমগ্র বিশ্বত ক’ৰোনা ভাইৰাছৰ বাবে অর্থনীতি সংকটত পৰাৰ সময়তে এদিনতে ১৩ বিলিয়ন মার্কিন ডলাৰ উপার্জন কৰিলে আমাজ’নৰ চিই’ জেফ বেজ’ছে৷ বিশ্বৰ এক নম্বৰ ধনাঢ়্য ব্যক্তি বেজ’ছে এই উপার্জনেৰে তেওঁৰ সম্পত্তি ১৮৯ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰিলে৷ তাৎপর্যপূর্ণ যে কালিৰ দিনটোত জেফ বেজ’ছৰ উপার্জন ১৩ বিলিয়ন মার্কিন ডলাৰ৷ ইয়াকে লৈ চলিত বর্ষত আমাজ’নৰ চি ই অ’ৰ উপার্জিত সম্পত্তিৰ মূল্য ৭৪.৪ বিলিয়ন মার্কিন ডলাৰ৷ ব্লুমবার্গ বিলিয়নার্ছ ইনডেক্সৰ তথ্য মতে, ২০১২ চনৰ পিছত কালিৰ দিনটোত এজন ব্যক্তিয়ে অভিলেখসংখ্যক ১৩ বিলিয়ন মার্কিন ডলাৰ উপার্জন কৰে৷ উল্লেখ্য যে ভাৰতৰ উদ্যোগপতি ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিৰ চলিত বর্ষত উপার্জন ১৩.৫ বিলিয়ন মার্কিন ডলাৰ৷ বর্তমান আম্বানি বিশ্বৰ ৮ নম্বৰ ধনাঢ়্য ব্যক্তি৷

You might also like