নিয়মীয়া বাৰ্তা, ১৪ জুনঃ বিধ্বংসী অগ্নিকাণ্ডত যোৱা বছৰ বিশ্বৰ বিশাল বর্ষাৰণ্য আমাজনৰ বিস্তীর্ণ অঞ্চল পুৰি ছাই হোৱা বিষয়টোক লৈ বিশ্বজুৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ ব্রাজিল চৰকাৰে এক তথ্যত সদৰী কৰিছে যে আমাজন বর্ষাৰণ্যৰ মে’ মাহত অভিলেখসংখ্যক ৮২৯ বর্গকিলোমিটাৰ ধ্বংস হৈছে৷
এয়া ২০১৫ চনৰ পিছত এটা মাহত অভিলেখসংখ্যক আমাজনৰ ওপৰত আঘাত বুলি ব্রাজিল চৰকাৰৰ তথ্যত সদৰী হৈছে৷ দেশখনৰ ৰাষ্ট্রীয় মহাকাশ গৱেষণা প্রতিষ্ঠান (আইএনপিই)ৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি বিগত বর্ষৰ একে সময়ছোৱাৰ তুলনাত বর্তমান ৯১ বর্গকিলোমিটাৰ আমাজনৰ বর্ষাৰণ্য ধ্বংস হৈছে৷ চীনৰ সংবাদ সংস্থা জিনহুৱাই সদৰী কৰিছে এই তথ্য৷
চলিত বর্ষৰ জানুৱাৰীৰ পৰা এপ্রিল মাহৰ ভিতৰত অবৈধ ব্যৱসায়ী তথা অপৰাধী চক্রই ধ্বংস কৰিছে ৫৫ শতাংশ বনাঞ্চল৷ অর্থাৎ ১,২০২ বর্গকিলোমিটাৰ আমাজনৰ অৰণ্য অঞ্চল এই সময়ছোৱাত ধ্বংস হোৱা বুলি সদৰী কৰিছে সংস্থাটোৱে৷ লক্ষণীয়ভাৱে ব্রাজিলৰ ৰাষ্ট্রপতিগৰাকীয়ে শেহতীয়াকৈ বিভিন্ন কোম্পানী আৰু কর্প’ৰেট গোষ্ঠীক আমাজন বর্ষাৰণ্যৰ বুকুত খনন আৰম্ভ কৰি খনিজ সামগ্রী উদ্ঘাটনৰ মুকলি অনুজ্ঞা–পত্র প্রদান কৰিছে যদিও ব্রাজিলৰ কেইবাটাও সংস্থাই এই কার্যৰ বিৰোধিতা কৰি আহিছে৷
দেশখনৰ ডি ফৰেষ্টেচন ডিচেকছন ছিষ্টেমে আমাজনত মানুহৰ কাম–কাজৰ বিষয়টো নিৰীক্ষণ কৰি আহিছে৷ সংস্থাটোৱে অভিযোগ কৰা অনুসৰি ৰাষ্ট্রপতি ব’লছ’নাৰো ক্ষমতালৈ অহাৰ পিছত বর্ষাৰণ্যৰ বুকুত মানুহৰ কাম–কাজ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ আগন্তুক তিনি মাহৰ ভিতৰত বর্ষাৰণ্যত চলি থকা অবাধ ধ্বংসত বাধা প্রদান নকৰিলে আমাজনৰ ভৱিষ্যৎ অস্তিত্বলৈ আশংকা নামি আহিব বুলিও প্রকৃতি সংগঠনসমূহে আশংকা কৰিছে৷