নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ আগন্তুক পশ্চিমবংগ বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যখনত প্রচাৰ অভিযান তীব্রতৰ কৰা বিজেপিৰ এক সমাৱেশত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে যে এইবাৰৰ নির্বাচন হ’ব প্রধানমন্ত্রী মোদীৰ ‘বিকাশ’ আৰু মমতা বেনার্জীৰ ‘বিনাশ’ মডেলৰ যুঁজ৷
ৰাজ্যখনত মুখ্যমন্ত্রী বেনার্জী আৰু তেওঁৰ ভতিজাক অভিষেকে দুর্নীতিক প্রাতিষ্ঠানিক ৰূপ দিয়া বুলিও অভিযোগ কৰে শ্বাহে৷ ইফালে দেশত ক’ভিড–১৯ মহামাৰীৰ টিকাকৰণ অভিযান অন্ত পৰিলে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ জৰিয়তে শৰণার্থীসকলক নাগৰিকত্ব প্রদান কৰাৰ প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলিও উল্লেখ কৰে শ্বাহে৷