পুনৰ অসুস্থ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ পুনৰ অসুস্থ হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ক’ৰোনাৰ কৰাল হাতোৰাৰ পৰা বাছি নগল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ক’ৰোনাত আক্ৰান্ত হৈ মেডান্তা হাস্পতালত ভৰ্তি হৈ আছিল শ্বাহ। অবশ্যে শীঘ্ৰে আৰোগ্য লাভ কৰি ৩১ আগষ্টত সুস্থ হৈ ঘৰলৈও উভটিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
কিন্তু শনিবাৰে নিশা পুনৰ শ্বাস-প্ৰশ্বাসজনিত কাৰণত অসুস্থ হৈ পৰে ৫৫ বছৰীয়া শ্বাহ। ইয়াৰ পাছতে এইমছত ভৰ্তি কৰোৱা হৈছে অমিত শ্বাহক।