মার্কিন নৌ সেনাৰ কণ্ঠত এ আৰ ৰহমানৰ ‘য়ে জো দেশ হে তেৰা’
নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ বিশ্বপ্রসিদ্ধ সংগীতজ্ঞ এ আৰ ৰহমানৰ কালজয়ী গীত ‘য়ে জো দেশ হে তেৰা’ ইমানেই জনপ্রিয় যে আমেৰিকা যুক্তৰাষ্ট্রৰ নৌ সেনাৰ কণ্ঠত মুখৰিত হ’ল গীতটি৷ মার্কিন নৌ সেনাৰ এক চৰকাৰী কার্যসূচীত জনপ্রিয় ছবি ‘স্বদেশ’ৰ হূদয়স্পর্শী দেশপ্রেমমূলক ‘য়ে জো দেশ হে তেৰা’ গীতটি পৰিৱেশন কৰা ভিডিঅ’ই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে৷
আমেৰিকা যুক্তৰাষ্ট্রস্থিত ভাৰতীয় ৰাষ্ট্রদূতে এ আৰ ৰহমানৰ জনপ্রিয় গীতটি মার্কিন নৌ সেনাই পৰিৱেশন কৰা ভিডিঅ’ প্রচাৰ কৰাৰ পিছতেই সংগীতজ্ঞ ৰহমানেও ভিডিঅ’টো শ্বেয়াৰ কৰি নিজকে গৌৰৱান্বিত বোধ কৰে৷
ভিডিঅ’টো সন্দর্ভত মন্তব্য কৰি ৰহমানে কয়, স্বদেশ ৰুলছ এভাৰ৷ ৰহমানৰ এই মন্তব্যটো পিছলৈ ছ’চিয়েল মিডিয়াত অনেক শুভাকাংক্ষীয়ে শ্বেয়াৰ কৰে৷ মন কৰিবলগীয়া যে ছ’চিয়েল মিডিয়াত এই ভিডি’টো এতিয়ালৈকে ৩১০.৭ কে লাইক হৈছে৷