নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাৰ ট্ৰেইনিং বিমান দুৰ্ঘটনাগ্ৰস্তঃ কথমপি প্ৰাণ ৰক্ষা ২ প্ৰশিক্ষাৰ্থী পাইলটৰ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ প্ৰাক্তন চিডিএছ বিপিন ৰাৱটৰ ভয়াৱহ দুৰ্ঘটনাৰ কথা এতিয়াও পাহৰিব পৰা নাই সমগ্ৰ দেশে। ইয়াৰ মাজতে পুনৰ আজি দুৰ্ঘটনাগ্ৰস্ত হৈছে সেনাৰ এখন বিমান। আজি ভাৰতীয় সেনাৰ অফিচাৰ ট্ৰেইনিং একাডেমীৰ এখন বিমান দুৰ্ঘটনাত পতিত হয়। সেনাৰ সূত্ৰ অনুসৰি, উৰণৰ অলপ পিছতে বিমানখন বিহাৰৰ গয়াত দুৰ্ঘটনাগ্ৰস্ত হয়।

খবৰ অনুসৰি বিমানখনত দুজন প্ৰশিক্ষাৰ্থী পাইলট আছিল। কিন্তু এই দুৰ্ঘটনাত দুয়োজন প্ৰশিক্ষাৰ্থী পাইলট কথমপি ৰক্ষা পৰে। দুৰ্ঘটনাটো বোধগয়া খণ্ডৰ এখন গাঁৱৰ কাষৰ পথাৰত সংঘটিত হৈছিল। পাইলটে জৰুৰী অৱতৰণৰ চেষ্টা কৰিছিল। তেতিয়াই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

গাঁওবাসীয়ে প্ৰশিক্ষণৰত বিমানখন তললৈ পৰা দেখি ঘটনাস্থলীত উপস্থিত হৈ দুয়োজন প্ৰশিক্ষাৰ্থী পাইলটক উদ্ধাৰ কৰিছিল।

You might also like