নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ চীন সাগৰত বেইজিঙৰ আগ্রাসন, গৰিহণা এছিয়ানৰ

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ দক্ষিণ চীন সাগৰত বেইজিঙৰ আগ্রাসনক কঠোৰ ভাষাৰে গৰিহণা জনাইছে এছিয়ান দেশে৷ ৰাষ্ট্রসংঘৰ সাগৰীয় চুক্তি ১৯৮২ অনুসৰি দক্ষিণ চীন সাগৰৰ সার্বভৌমত্বৰ অধিকাৰ বর্তাই ৰখাৰ উপৰি চীনে বাৰম্বাৰ সমগ্র দক্ষিণ চীন সাগৰত নিজৰ প্রভুত্ব বিস্তাৰ কৰিবলৈ অহোপুৰুষার্থ কৰি আহিছে৷

দক্ষিণ চীন সাগৰৰ বিবদমান অঞ্চলসহ সমগ্র সাগৰক নিজৰ ঐতিহাসিক ভূমি বুলি চীনে দাবী কৰি বিগত কেইবাবছৰৰ পৰা সাগৰত নিজৰ সেনাৰ শক্তি বৃদ্ধি কৰি আহিছে৷ এনে সময়ছোৱাতেই এছ’চিয়েচন অৱ ছাউথ ইষ্ট এছিয়ান নেচনে বিবৃতিযোগে আন্তর্জাতিক আইনৰ জৰিয়তে দক্ষিণ চীন সাগৰৰ বিবদমান বিষয়টো সমাধান হ’ব লাগে বুলি দাবী কৰাৰ লগতে চীনৰ ভূমিকাক গৰিহণা দিয়ে৷

অঞ্চলটোৰ শান্তি আৰু সুস্থিৰতা বর্তাই ৰখাৰ বাবেই চীনে এনে আগ্রাসী মনোভাৱ পৰিহাৰ কৰা উচিত বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে৷

You might also like