নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰীৰ সময়ত ৮০ কোটি ভাৰতীয়ই বিনামূলীয়া ৰেচন পাইছেঃ মোদী

 নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ  চলিত ক’ৰোনা ভাইৰাছ মহামাৰীৰ সময়ত ৮০ কোটি ভাৰতীয়ই বিনামূলীয়া ৰেচন পাইছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে  মধ্যপ্রদেশৰ প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই) যোজনাৰ হিতাধিকাৰীক সম্বোধন কৰি এই মন্তব্য কৰে৷

পিএমজিকেএৱাই হিতাধিকাৰীক ভিডি’ কনফাৰেঞ্চিংযোগে সম্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে বিগত ১০০ বছৰৰ ভিতৰত মানৱ জাতিয়ে বৃহত্তম দুর্যোগ ক’ৰোনা মহামাৰীৰ সন্মুখীন হৈছে৷ ক’ৰোনা ভাইৰাছৰ সংকটৰ সময়ত যুঁজ দিবলৈ ভাৰতে দুখীয়াক প্রথম প্রাধান্য দিছে৷

পিএমজিকেএৱাইৰ জৰিয়তে বিনামূলীয়া খাদ্য যোগান ধৰা হৈছে৷ উল্লেখ্য যে প্রধানমন্ত্রীগৰাকীয়ে ক’ৰোনা মহামাৰীৰ পৰা নিজৰ লগতে সমাজক ৰক্ষা কৰিবলৈ মাস্ক পৰিধান কৰা, হাত ছেনিটাইজ কৰা আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ দেশবাসীক আহ্বান জনায়৷

You might also like