আমেৰিকাত ভাৰতীয় ৰেস্তোৰাঁত দুর্বৃত্তৰ আক্রমণ, বিস্তৰ ক্ষতি
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ আমেৰিকাৰ নিউ মেক্সিক’ত থকা ভাৰতীয় ৰেস্তোৰাঁ এখনত দুর্বৃত্তই আক্রমণ চলোৱাৰ ফলত ৰেস্তোৰাঁখনৰ বিভিন্ন সম্পদৰ ক্ষতিসাধন হৈছে৷
স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি শিখ সম্প্রদায়ৰ লোকে চলোৱা ছাণ্টে ফে চিটী নামৰ এই ৰেস্তোৰাঁখনত দুর্বৃত্তই কালি নিশা অতর্কিতে আক্রমণ চলায়৷ ৰেস্তোৰাঁৰ দেৱালত বিভিন্ন ধৰণৰ ঘৃণাজনিত বার্তা লিখি দিয়াৰ উপৰি ইয়াৰ চকী–মেজ আৰু খিৰিকীৰ আইনাবোৰ ভাঙি দিছে দুর্বৃত্তই৷
স্থানীয় সংবাদ–পত্র এখনৰ প্রতিবেদন অনুসৰি দুর্বৃত্তৰ আক্রমণৰ ফলত ৰেস্তোৰাঁখনৰ ১ লাখ ডলাৰ মূল্যৰ সম্পত্তিৰ ক্ষতিসাধন হৈছে৷ ইতিমধ্যে এফবিআয়ে এই ঘটনাৰ তদন্ত চলাইছে৷