আগষ্টলৈ দেশত ক’ভিডত আক্রান্ত হ’ব ২০ লক্ষাধিক!
নিয়মীয়া বাৰ্তা ১৮ জুলাইঃ দেশত ক’ভিড–১৯ মহামাৰীত আক্রান্ত লোকৰ সংখ্যাই ১০ লাখ অতিক্রম কৰাৰ পাছতেই কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে সতর্কবাণী কৰিছে যে আগষ্টৰ দ্বিতীয় সপ্তাহৰ ভিতৰত এই মহামাৰীত আক্রান্ত লোকৰ সংখ্যা ২০ লাখলৈ বৃদ্ধি পাব পাৰে৷ উল্লেখনীয় যে বিশ্বৰ সর্বাধিক ক’ভিড আক্রান্ত দেশৰ তালিকাত ভাৰত আছে তৃতীয় স্থানত৷ আমেৰিকা আৰু ব্রাজিলৰ পাছতেই ১০ লাখতকৈ অধিক লোক মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত দেশ হিচাপে চিহ্ণিত হৈছে ভাৰত৷ ৰাহুল গান্ধীয়ে শুকুৰবাৰে ছ’চিয়েল মিডিয়া টুইটাৰযোগে উল্লেখ কৰিছে যে ক’ভিড–১৯ৰ সংক্রমণৰ গতি অপৰিৱর্তিত থাকিলে ১০ আগষ্টৰ ভিতৰত দেশত মাৰাত্মক ভাইৰাছবিধত আক্রান্ত লোকৰ সংখ্যা ২০ লক্ষাধিক হ’ব৷ গতিকে ঘাতক ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ চৰকাৰে অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিব লাগে বুলিও ৰাহুলে যুক্তি দর্শাইছে৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্র’ছ ঘেব্রিয়েছাছে ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত অধিক কংক্রিট পদক্ষেপ গ্রহণ নকৰিলে বিশ্বত পূর্বৰ স্বাভাৱিক অৱস্থাটো ঘূৰি অহাটো কঠিন হ’ব বুলি উল্লেখ কৰিছে৷