ছ্যু কীৰ বিৰুদ্ধে ৬ লাখ ডলাৰ লোৱাৰ অভিযোগ সেনাৰ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ম্যানমাৰৰ সামৰিক শাসকে দেশখনৰ ক্ষমতাচ্যুত নেত্রী আং ছান ছ্যু কীৰ বিৰুদ্ধে ৬ লাখ ডলাৰ তথা সোণৰ আ–লংকাৰ অবৈধভাৱে গ্রহণ কৰাৰ অভিযোগ আনিছে৷
১ ফেব্রুৱাৰীত গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক অভ্যুত্থানৰ জৰিয়তে উৎখাত কৰি পুনৰ সেনাই ক্ষমতা নিজৰ হাতলৈ নিয়াৰ পাছত ছ্যু কীৰ বিৰুদ্ধে এয়া প্রথমটো ভয়ংকৰ অভিযোগ৷
ইয়াৰ পূর্বে সামৰিক শাসকে নেত্রীগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছিল যদিও নেত্রীগৰাকীয়ে অবৈধভাৱে ধন গ্রহণ কৰাৰ অভিযোগ আনিবলৈ সক্ষম হোৱা নাছিল সেনা৷
অৱশ্যে তাৎক্ষণিকভাৱে এই অভিযোগক সত্য প্রমাণ কৰিব পৰাকৈ কোনোধৰণৰ তথ্য প্রকাশ কৰা নাই সামৰিক চৰকাৰে৷ ব্রিগেডিয়াৰ জেনেৰেল জাও মিন টুনে দেশখনৰ প্রাক্তন ৰাষ্ট্রপতি উইন মিণ্টৰ লগতে কেইবাগৰাকীও প্রাক্তন কেবিনেট মন্ত্রীৰ বিৰুদ্ধেও ভয়ংকৰ দুর্নীতিৰ অভিযোগ আনিছে৷
ইফালে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে কালি ম্যানমাৰত সেনাই খেয়ালখুচি মতে গ্রেপ্তাৰ কৰা সকলো লোককে শীঘ্রে মুক্তি দিয়াৰ দাবী জনাইছে৷