অষ্ট্রেলিয়াৰ উপকূলত আবদ্ধ ২৭০টা দুষ্প্রাপ্য তিমি
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ অষ্ট্রেলিয়াৰ দ্বীপ টাছমানিয়াৰ বলুকাৰাশিত আবদ্ধ হৈ পৰিছে ২৭০টাতকৈ অধিক দুষ্প্রাপ্য তিমি৷ এই তিমিবোৰৰ ২৫টাৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে প্রকৃতিপ্রেমীসকলে৷ ইতিমধ্যে অষ্ট্রেলিয়াৰ নৌসেনা আৰু যুৱ বিজ্ঞানীসকলে বলুকাৰাশিত আবদ্ধ হৈ থকা তিমিবোৰক জীৱন্তে উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছে অভিযান৷ টাছমানিয়াৰ পশ্চিম উপকূলৰ বলুকাৰাশিত বিগত প্রায় দুসপ্তাহ ধৰি বিপদসংকুল অৱস্থাত আছে এই তিমিবোৰ৷ অষ্ট্রেলিয়াৰ কেইবাগৰাকীও বিজ্ঞানীয়ে সদৰী কৰা অনুসৰি ইতিমধ্যে বলুকাৰাশিত আবদ্ধ হৈ থকা তিমিবোৰৰ ২৫টাৰ মৃত্যু হৈছে৷ পাইলট তিমিবোৰ সঘনে অষ্ট্রেলিয়াৰ উপকূলীয় অঞ্চলত আহি এনেদৰে আবদ্ধ হৈ পৰে৷ একোটা তিমিৰ দৈর্ঘ্য ২৫ ফুট পর্যন্ত হোৱাৰ উপৰি ওজন ৩ টনলৈ হ’ব পাৰে৷ টাছমানিয়াৰ এই ঘটনাৰ পিছতে বন্যপ্রাণী সুৰক্ষা কর্মীসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে