নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ সংসদত চলি আছে ভয়াৱহ যৌন নির্যাতন

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ সংসদৰ প্রতি তিনিগৰাকী মহিলা কর্মীৰ এগৰাকীয়েই যৌন আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছে৷ শেহতীয়া এক প্রতিবেদনত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য৷ ব্রিটানি হিগিন্স নামৰ প্রাক্তন কর্মী এগৰাকীয়ে মন্ত্রীৰ কার্যালয়ত ধর্ষিতা হ’বলগীয়া হোৱা বুলি অভিযোগ অনাৰ পিছতে এক তদন্ত চলাইছিল ছেক্স ডিক্সিমিনেচন কমিছনাৰ কেট জেনকিন্সে৷ এই তদন্তৰ পিছত যুগুতোৱা প্রতিবেদন আজি প্রকাশ কৰা হৈছে৷ সংসদত বিভিন্ন কর্মত জড়িত মহিলাসকলৰ ওপৰত ৰাজনীতিকসকলে যৌন আতিশয্য চলাই অহা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ স্মর্তব্য যে হিগিন্সৰ অভিযোগৰ পিছতে অষ্ট্রেলিয়াত সৃষ্টি হৈছিল ৰাজনৈতিক ধুমুহা৷

You might also like