নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ স্মাৰ্টফোনত যদি আছে এই ৭টা এপ, তেন্তে একাউণ্টৰ পৰা অন্তৰ্ধান হ’ব পাৰে ধন

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ স্মাৰ্টফোনৰ যুগ বৰ্তমান। সকলোৰে হাতে হাতে স্মাৰ্টফোন। কিন্তু এই স্মাৰ্টফোনত উপলব্ধ বহু এপে বৰ্তমান সময়ত বহুলোকক ঠগি আহিছে। গুগুল প্লে ষ্টৰত এনে কিছুমান এপ আছে যি অতি সোনকালে ফোনৰ আতৰাই নিদিয়ে তেতিয়া আপোনাৰ ব্যক্তিগত ডেটা অথবা প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে।

ডিজিটেল চিকিউৰটি ফাৰ্ম avastয়ে গুগুল প্লেষ্টৰত এনে কেইটামান এপছ বিচাৰি পাইছে যি গেমাৰ সকলক সক্ষ্য কৰি লয় বিশেষকৈ যি সকলে জনপ্ৰিয় ভিডিঅ’ গেম খেলে। avastৰ মতে Fleeceware ৰ এপছ ব্যৱহাৰকাৰী সকলৰ বেংক একাউণ্ট খালী হ’ব পাৰে। বিশেষকৈ মবাইল ফোনৰ বাবে নতুন স্কীণ, ধুনীয়া ৱালপেপাৰ আৰু ভিডিঅ’ গেম উন্নতকৰণৰ নামত প্ৰৱঞ্চনা কৰে এই এপসমূহে ।

চিকিউৰটি ফাৰ্ম avastয়ে গুগুল প্লে ষ্টৰত এনেকুৱা ৭টা এপ পাইছে , যি ট্ৰায়েলৰ বাবে তিনিদিনৰ বিনামূলীয়া আৰু তাৰ পিছত ৩০$ একাউণ্টৰ পৰা কাটি দিয়ে।

avast য়ে এনেধৰণৰ এপছৰ সূচী প্ৰকাশ কৰিছে যি ১০ লাখতকৈ অধিক বাৰ ডাউনলোড কৰা হৈছে। avast য়ে এই সকলোবোৰ এপছ স্মাৰ্টফোনৰ পৰা আতৰাবলৈ অনুৰোধ জনাইছে।

এপসমূহ হৈছে

Skins, Mods, Maps for Minecraft PE
Skins for Roblox
Live Wallpapers HD & 3D Background
MasterCraft for Minecraft
Master for Minecraft
Boys and Girls Skins
Maps Skins and Mods for Minecraft

You might also like