নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি খণ্ডত সংস্কাৰে উদ্যোগী ৰূপে গঢ়িব দেশৰ কৃষকক

বালাচাহেব পাটিলৰ আত্মজীৱনী উন্মোচন কৰি মোদী

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ  নতুন কৃষি আইনক লৈ বিৰোধীৰ প্রতিক্রিয়াক নস্যাৎ কৰি এই আইন দেশৰ কৃষকৰ কল্যাণৰ বাবে বুলি পুনৰ দোহাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ তথা তেওঁৰ কার্যকালত কৃষকৰ উপার্জন বৃদ্ধি কৰাটোক প্রাধান্য দি থকা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কৃষি খণ্ডত ঐতিহাসিক সংস্কাৰে কৃষকক উদ্যোগী ৰূপে গঢ়াত সহায় কৰিব৷ মহাৰাষ্ট্রৰ দক্ষ ৰাজনীতিক তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী বালাচাহেব ভি পাটিলৰ আত্মজীৱনী উন্মোচন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে নতুন কৃষি আইনে কৃষকৰ অন্নদাতাৰ ভূমিকাক উদ্যোগীলৈ ৰূপান্তৰিত কৰিব৷ স্বাধীনতাৰ পিছত দেশত পর্যাপ্ত খাদ্য মজুত নাছিল বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে বর্তমান দেশত খাদ্য মজুত শক্তিশালী হৈ উঠিছে বুলি কয়৷ গুজৰাট, হাৰিয়ানা আৰু পঞ্জাবত গাখীৰ, চেনি আৰু গম সর্বাধিক উৎপাদন হোৱাৰ প্রসংগৰে প্রধানমন্ত্রীগৰাকীয়ে এনে স্থানীয় মডেলেই দেশক আগবঢ়াই নিব বুলি কয়৷ কৃষকৰ কল্যাণৰ কাৰণে প্রথমবাৰৰ বাবে চৰকাৰে সর্বাধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে প্রধানমন্ত্রী কিষাণ সন্মান নিধি যোজনাৰ অধীনত দেশৰ কৃষকৰ বেংক একাউণ্টলৈ ১ লাখ কোটি টকা লেনদেন কৰা হৈছে৷ মধ্যভোগী নোহোৱাকৈ শীতল ভাণ্ডাৰ, মেগা ফুড পার্ক আৰু এগ্র’ প্রছেচিং আন্তঃগাঁথনি নির্মাণ কৰা হৈছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ কৃষকৰ কল্যাণৰ হকে চৰকাৰখনে বলৱৎ কৰা প্রধানমন্ত্রী কৃষি সিঞ্চয়ী যোজনাৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যত বিলম্ব হৈ থকা অনেক জলসিঞ্চন প্রকল্প নির্মাণ কৰা হৈছে বুলিও ভাষণত কয় প্রধানমন্ত্রী মোদীয়ে৷ কৃষি সম্পর্কীয় বিভিন্ন তথ্য উল্লেখ কৰাৰ লগতে ভেকচিন উপলব্ধ নোহোৱালৈকে ক’ভিড–১৯ৰ সৈতে যুঁজাৰ ক্ষেত্রত দেশবাসীক সজাগ হ’বলৈ আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়্৷ প্রাক্তন কেন্দ্রীয় মন্ত্রী বালাচাহেব ভি পাটিলে তেওঁৰ জীৱন দৰিদ্র, কৃষক আৰু গাঁওবাসীৰ কল্যাণৰ হকে উছর্গা কৰাৰ সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্রতো অনেক অৱদান আগবঢ়াই গৈছে বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ মাৰাঠী ভাষাত ৰচিত ৭১৩ পৃষ্ঠাৰ ‘দেহ ৱেছভা কৰণী’ গ্রন্থখন ভিডি’ কনফাৰেঞ্চযোগে মুকলি কৰে মোদীয়ে৷ এই অনুষ্ঠানত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে, প্রাক্তন মুখ্যমন্ত্রী তথা বিজেপি নেতা দেৱেন্দ্র ফাড়নাভিছৰ লগতে চন্দ্রকান্ত পাটিলো উপস্থিত থাকি ভাষণ দিয়ে৷

You might also like