ক’ভিড–১৯ত মৃত্যু বাংলাদেশৰ প্রতিৰক্ষা সচিবৰ
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ বাংলাদেশৰ প্রতিৰক্ষা সচিব আব্দুলা অল মহছিন চৌধুৰীৰ কালি পুৱা মৃত্যু হৈছে৷ ৰাজধানী ঢ়াকাৰ কম্বাইন্ড মিলিটাৰী হাস্পতালত (চিএনএইচ) চিকিৎসাধীন হৈ থকা অৱস্থাতে প্রতিৰক্ষা সচিবগৰাকীৰ মৃত্যু হোৱা বুলি চৰকাৰী সূত্রই প্রকাশ কৰিছে৷
উল্লেখ্য যে যোৱা ২৯ মে’ত চিকিৎসাধীন হৈ থকা অৱস্থাতেই পৰীক্ষাত ৬ জুনত ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ যোৱা ১৮ জুনত প্রতিৰক্ষা সচিবগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউত ভর্তি কৰা হয়৷ উক্ত দিনাৰে পৰা আই চি ইউত ভর্তি হৈ থকা প্রতিৰক্ষা সচিবগৰাকীৰ পুৱা ৯.৩০ বজাত হূদৰোগত আক্রান্ত হৈ মৃত্যু ঘটে৷ মৃত্যুৰ সময়ত ৫৭ বছৰীয়া চৌধুৰীয়ে পত্নী আৰু কন্যা–পুত্রক এই সংসাৰত এৰি থৈ যায়৷