নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ! হেৰাই যাব নেকি ইউক্ৰেইনৰ দৰ্শনীয় স্থানবোৰ

ৰাজনৈতিক সংঘাতক কেন্দ্র কৰি সম্মুখসমৰত ৰাছিয়া আৰু ইউক্রেইন। যুদ্ধৰ ফলাফল যিয়ে নহওঁক এটা কথা নিশ্চিত ভাবে ক’ব পাৰি যে যুদ্ধ মানেই ধ্বংস। ইউক্রেইনত আছে এনে কিছুমান দর্শনীয় স্থান যিবোৰ ছবিৰ দৰে সুন্দৰ। বহুতেই আশংকা কৰিছে যুদ্ধ পৰিস্থিতিত ধ্বংস হ’ব পাৰে এই স্থানবোৰ।
কিভ

কিভ ইউক্রেইনৰ ৰাজধানী। আকর্ষণীয় ছোভিয়েট স্থাপত্য, মঠ, সোণৰ গম্বুজযুক্ত গীর্জা আৰু সুদর্শন ৰাস্তাৰে পৰিপূর্ণ কিভ অসাধাৰণ বৈচিত্রৰ সম্ভাৰ। খ্রীষ্টপূর্ব ৪৮২ত গঢ়ি উঠা কিভ পূব ইউৰোপৰ প্রাচীনতম চহৰবোৰৰ ভিতৰত অন্যতম। প্রাচীন পূব ছ্লাভিক সভ্যতা তথা ইউক্রেইনী জাতিসত্ত্বাৰ বিকাশত কিভৰ ভূমিকা উল্লেখযোগ্য। ইয়াৰে লোক স্থাপত্য আৰু নৃতাত্ত্বিক যাদুঘৰটো ইউৰোপৰ বৃহত্তম অ’পেন এয়াৰ যাদুঘৰবোৰৰ অন্যতম। তদুপৰি আছে পেচেৰস্ক লাভৰা, যি ইউক্রেইনৰ প্রাচীনতম তথা সকলোতকৈ গুৰুত্বপূর্ণ ধার্মিক স্থানসমূহৰ মাজত উল্লেখণীয়। কিভৰ শ্রেষ্ঠ আকর্ষণ হ’ল আন্দ্রিয়িভস্কিৰ পথ। এই ঠিয় পাথৰযুক্ত পথৰ দুই কাষে আছে আর্ট-নুভো শৈলীত নির্মিত শাৰী শাৰী ঘৰ, আৰু লগত আছে সৰু সৰু অসংখ্য মূর্তি।
লভিভ

পঞ্চম শতাব্দীৰ প্রত্নতাত্ত্বিক নিদর্শনেৰে পৰিপূর্ণ এই চহৰত আছে বহু স্মৃতিস্তম্ভ, যাদুঘৰ তথা বহু প্রাচীন ভৱন। ইউক্রেইনৰ সাংস্কৃতিক পীঠস্থান হিচাপে পৰিচিত এই চহৰত আছে নেশ্বনেল আর্ট গেলাৰী, অপেৰা চোৱাৰ সুযোগ।
অ’ডেছা

সমুদ্র তীৰৰ এই চহৰক কোৱা হয়‘পার্ল অৱ দ্য ব্লেক ছী’। ঐতিহাসিকভাৱে গ্রীক, অটোমান আৰু ৰুছ, বিভিন্ন সময়ত বিভিন্ন সাম্রাজ্যৰ অধীনত থকা এই চহৰ নুভো স্থাপত্যৰ অন্যতম পীঠস্থান। চহৰখনৰ মূল আকর্ষণ হ’ল কেবা হাজাৰ বর্গ কিলোমিটাৰ জুৰি বিস্তৃত ভূগর্ভস্থ সমাধিক্ষেত্র। যেন চহৰৰ তলত লুকাই থকা আৰু এখন চহৰ।
চেৰনোবিল

পাৰমাণৱিক দুর্ঘটনাৰ বাবে এই চহৰ পৰিচিত। কেবা দশক ধৰি শোক সন্তপ্ত এক ইতিহাসৰ স্মৃতি কঢ়িয়াই ৰৈ আছে চেৰনোবিল। একাংশৰ মতে ছোভিয়েট ৰাছিয়াৰ পতনৰ সূচনা হৈছিল এই চহৰৰ পৰাই। এতিয়াও এই চহৰৰ বহু অংশ তেজস্ক্রিয়তাৰ পৰা মুক্ত হ’ব পৰা নাই। সেই স্থানবোৰত আজিও নিষিদ্ধ মানুহৰ যাতায়াত।
কামিয়ানেটছ পদিলস্কি

কামিনেটছ পদিলস্কি কিল্লাৰ বাবে বিখ্যাত। দেখিলে এনে লাগিব যেন দূর্গটো ৰূপকথাৰ পাতৰ পৰা উঠাই অনা হৈছে। মাত্ৰ দূর্গই নহয়, ইয়াৰে চহৰতলী দেখিলেও ভাব হয় সময় যেন ইয়াতেই থমকি ৰৈছে। এই গিৰিখাত পৰিবেষ্টিত চহৰখন চোৱাৰ অভিজ্ঞতা ভাষাৰে বর্ণনা কৰা কঠিন।
যুদ্ধৰ শেষত এই শুৱনি স্থানবোৰৰ কিমান অৱশিষ্ট ৰ’ব সেয়া কোৱা সহজ নহয়। ইউক্রেইনে বাৰে বাৰে নানা যুদ্ধৰ আঘাত সহ্য কৰিও বৰ্তি আছে। আশা কৰা হৈছে এই যুদ্ধৰ পাছতো ইউক্রেইনৰ এই সকলোবোৰ দর্শনীয় স্থান সুন্দৰকৈ নিজৰ ঐতিহ্যৰ স্বাক্ষৰ কঢ়িয়াই থাকিব।

You might also like