নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞাপনত খৰচ ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিৰ ৮০ শতাংশ ধন

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: বিজ্ঞাপনতেই সীমাবদ্ধ হৈ পৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘বেটী বচাও বেটী পঢ়াও’ আঁচনি৷ এয়া বিৰোধী দলৰ অভিযোগ নহয়৷ নাৰী কল্যাণবিষয়ক সংসদীয় এক কমিটীৰ সাম্প্রতিক প্রতিবেদনত পোহৰলৈ আহিছে এই তথ্য৷ তথ্য অনুসৰি অভিলাষী এই আঁচনি আৰম্ভ হোৱাৰ পৰৱর্তী তিনিটা দিনত মাত্র বিজ্ঞাপনত খৰচ হৈছে আঁচনিৰ নামত ধার্য কৰা ধনৰ ৮০ শতাংশ৷ বিজেপি সাংসদ হিনা গাভিটৰ নেতৃত্বাধীন সংসদীয় কমিটীৰ প্রতিবেদন অনুসৰি, ২০১৬ৰ পৰা ২০১৯ৰ ভিতৰত ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিত কেন্দ্রীয় চৰকাৰে ধার্য কৰে ৪৬৪ কোটি ৭২ লাখ টকা৷ এই পুঁজিৰ ৭৮.৯১ শতাংশ ব্যয় হৈছে সংবাদ মাধ্যমত বিজ্ঞাপন দিয়াৰ নামত৷ ২০১৫ চনৰ জানুৱাৰী মাহত প্রধানমন্ত্রী মোদীয়ে এই আঁচনি মুকলি কৰিছে৷ চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে দেশত লিংগ বৈষম্য সমস্যাৰ মোকাবিলা কৰিবলৈ আৰু কন্যা ভ্রূণ হত্যাৰ বিৰুদ্ধে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই আঁচনি মুকলি কৰা হৈছে৷ কমিটীৰ প্রতিবেদনত স্পষ্ট হৈ পৰিছে যে আঁচনিয়ে কোনো কার্যকাৰিতা লাভ কৰা নাই৷

You might also like