নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশীয় প্ৰতিষেধক covaxin য়ে কৰোনাৰ সংহাৰী ৰূপ লোৱা দ্বিতীয় স্তৰকো প্ৰতিহত কৰিব পাৰে…

নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ  কৰোনাৰ সংহাৰৰ মাজতে দেশবাসীৰ বাবে এক ভালখবৰ! Indian Council for Medical Research-এ আজি ঘোষণা কৰা মতে, দেশত প্রস্তুত হোৱা Covaxin ভেকচিনৰ আন এক বিশেষত্ব হৈছে কৰোনাৰ ইউ কে ভেৰিয়েণ্টক প্ৰতিহত কৰিবলৈ সক্ষম Covaxin ।

ভাৰত বাইয়’টেক নামৰ হায়দৰাবাদৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি উলিওৱা এই প্রতিষেধকে বৰ্তমান কোভিড-১৯ৰ মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰাৰ মূল কাৰণ ইউকে ভেৰিয়েণ্টকো প্ৰতিহত কৰিব পাৰে।

উল্লেখ্য যে, ICMRৰ মতে ব্ৰাজিল ভেৰিয়েণ্টৰ আৰু double mutant SARS-CoV-2কো প্ৰতিহত কৰিব পৰা ক্ষমতা আছে এই ভেকচিনৰ ।

মন কৰিবলগীয়া যে ভাৰত বায়’টেকে আৰু ICMRয়ে Covaxin ফ্ৰেজ ৩ ৰ ডাটা মুকলি কৰিছে য’ত Covaxinয়ে কভিড-১৯ৰ বিৰোধে ১০০% প্ৰভাৱিত হয়। ফ্ৰেজ ৩ ট্ৰায়েল দেশত ১৮-৯৮ বয়সৰ ২৫,৮০০ জনৰ ওপৰত পৰীক্ষা কৰা হৈছিল।

You might also like