নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ বিধানসভা নির্বাচন: প্রথম পর্যায়ৰ নির্বাচনত ৩১ শতাংশ অপৰাধী প্রার্থী

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ প্রথমটো পর্যায়ত প্রতিদ্বন্দ্বিতা কৰিব ১,০৬৪গৰাকী প্রার্থীয়ে৷ প্রথম পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা এই প্রার্থীসকলৰ ৩১ শতাংশৰ বিৰুদ্ধে আছে বিভিন্ন অপৰাধৰ গোচৰ৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ)ৰ তৰফৰ পৰা প্রার্থীসকলে মনোনয়ন দাখিলৰ সময়ত সন্নিৱিষ্ট কৰা শপতনামাৰ বিশ্লেষণ কৰি এই তথ্য প্রকাশ কৰিছে৷

লক্ষণীয়ভাৱে প্রথম পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ২৪৪গৰাকী অর্থাৎ ২৩ শতাংশৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ৷ আনকি জামিনবিহীন অপৰাধৰ গোচৰতো জড়িত হৈ আছে বহু প্রার্থী৷ এই অপৰাধৰ গোচৰত দোষী সাব্যস্ত হ’লে ৫ বছৰ পর্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে অভিযুক্ত প্রার্থীসকল৷ মুঠ ৩২৮গৰাকী প্রার্থীয়ে তেওঁলোকৰ বিৰুদ্ধে অপৰাধৰ গোচৰ থকা বুলি মনোনয়ন দাখিলৰ সময়ত ঘোষণা কৰিছে৷

লক্ষণীয়ভাৱে মুঠ ৩৭৫গৰাকী প্রার্থী বা ৩৫ শতাংশৰ সম্পত্তিৰ পৰিমাণ কোটি টকাৰ ঊর্ধ্বত৷ প্রথম পর্যায়ত অৱশ্যে ৫গৰাকী প্রার্থীয়ে তেওঁলোকৰ সম্পত্তি শূন্য বুলি মনোনয়নত উল্লেখ কৰিছে৷ অপৰাধী প্রার্থীসকলৰ ৩০গৰাকী আৰ জে ডিৰ, ২১গৰাকী বিজেপিৰ, ২৪গৰাকী লোক জনশক্তিৰ আৰু ১২গৰাকী কংগ্রেছৰ বুলি উল্লেখ কৰিছে এ ডি আৰ–এ৷

You might also like