নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুলশয্যাৰ পুৱাতে ক’ৰোনাত আক্ৰান্ত হৈ দৰাৰ মৃত্যু, ৯৫ জন বৰযাত্ৰী ওলাল পজিটিভ

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ বিহাৰত ক’ৰোনাৰ সংহাৰী ৰূপ অব্যাহত আছে । কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক চাঞ্চল্যকৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে । বিহাৰৰ পাটনাৰ পালীগঞ্জত এজন দিল্লীফেৰত যুৱকৰ বিবাহৰ পাছদিনা অৰ্থাৎ ফুলশয্যাৰ পুৱাতেই ক’ৰোনাৰ ফলত মৃত্যু ঘটে ।

উল্লেখ্য যে যুৱকজন ক’ৰোনাত সংক্ৰমিত হৈ আছিল বুলি পূৰ্বৰ পৰা গম পোৱা নাছিল । মৃত্যু ঘটাৰ পাছতহে পোহৰলৈ আহিছিল যুৱকজন ক’ৰোনা সংক্ৰমিত আছিল ।

ইয়াৰ পাছতে বিবাহ অনুষ্ঠানত উপস্থিত থকা ১২৫ জন লোকৰ দেহতো ক’ৰোনাৰ পজিটিভ পোৱা যায় । প্ৰথমতে ১৫ জন লোক পজিটিভ পোৱা গৈছিল যদিও সোমবাৰে উলোৱা ক’ভিড টেষ্টৰ ফলাফলৰ পাছতে পুনৰ ৭৯ জনৰ দেহত ক’ৰোনাৰ অৱস্থিতি পোৱা যায় । লগতে ইয়াৰে  ৯৫ জন লোক বৰযাত্ৰীৰ লগত গৈছিল বুলি জানিব পৰা গৈছে ।

ইপিনে এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটো ছীল কৰি দিয়া হৈছে । লগতে অঞ্চলটোত এতিয়া ক’ৰোনাৰ সামাজিক সংক্ৰমণ ঘটিছে ।

You might also like