নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক বিনোদ ডুৱাক ৬ জুলাইলৈ সুৰক্ষা প্রদান ছুপ্রিম ক’টৰ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ সাংবাদিক বিনোদ ডুৱাৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰত হিমাচল আৰক্ষীৰ তদন্তত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে৷ স্মর্তব্য যে সাংবাদিকগৰাকীয়ে তেওঁৰ বিৰুদ্ধে হিমাচল প্রদেশত ৰুজু হোৱা এক গোচৰৰ তদন্ত প্রক্রিয়া বন্ধ কৰিবলৈ শীর্ষ আদালতখনত আবেদন জনাইছিল৷ কিন্তু শীর্ষ আদালতখনৰ এক বিচাৰপীঠে ডুৱাৰ আবেদন অগ্রাহ্য কৰিছে৷ ইয়াৰ বিপৰীতে হিমাচল প্রদেশ আৰু কেন্দ্রীয় চৰকাৰক গোচৰটো সন্দর্ভত সবিশেষ তথ্য জনোৱাৰ নির্দেশ দিছে ন্যায়ালয়ে৷ ন্যায়াধীশ ইউ ইউ ললিত নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে অৱশ্যে ৬ জুলাইলৈকে সাংবাদিক ডুৱাক সুৰক্ষা প্রদান কৰিছে৷ অর্থাৎ ৬ জুলাই পর্যন্ত ডুৱাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব নোৱাৰিব৷ একেটা দিনতে শীর্ষ আদালতখনে গোচৰটোৰ পৰৱর্তী শুনানি গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে ইউ টিউবত এক ভিডিঅ আপলোড কৰি ডুৱাই কেন্দ্রীয় চৰকাৰৰ ক’ভিড–১৯ লকডাউন বলৱতৰ সমালোচনা কৰিছিল৷

You might also like