ছোনিয়া–ৰাহুল গান্ধীক কটাক্ষ- জন্মগতভাৱে বিদেশী দেশপ্রেমিক হ’ব নোৱাৰে
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধী আৰু প্রাক্তন সভাপতি ৰাহুল গান্ধীক নাম নোলোৱাকৈ কটাক্ষ কৰে বিজেপিৰ ভূপালৰ সাংসদ প্রজ্ঞা ঠাকুৰে৷ বিতর্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা সাধ্বী প্রজ্ঞা ঠাকুৰে মাতৃ–পুত্রক কটাক্ষ কৰি কয় যে, বিদেশত জন্মগ্রহণ কৰা কিম্বা বিদেশী দেশপ্রেমিক হ’ব নোৱাৰে৷
বিজেপি সাংসদ ঠাকুৰে চাণক্যৰ উদ্ধৃতি দি কয় যে একমাত্র ভূমিপুত্রইহে দেশক সুৰক্ষিত কৰি ৰাখিব পাৰে৷ বিদেশত জন্মগ্রহণ কৰা মহিলা এগৰাকী দেশপ্রেমিক হ’ব নোৱাৰে৷ তদুপৰি সাংসদগৰাকীয়ে গান্ধীদ্বয়ক আক্রমণৰ লক্ষ্য কৰি লৈ কয় যে যদি আপোনালোকৰ দুখন দেশৰ নাগৰিকত্ব থাকে, তেতিয়াহ’লে আপোনালোকৰ কেনেদৰে মনত দেশপ্রেমৰ ভাব জাগি উঠিব৷
ইপিনে, সম্প্রতি কংগ্রেছ দলটোৰ আদর্শ, নীতি আৰু দেশপ্রেমৰ অভাৱ পৰিলক্ষিত হৈছে বুলিও গান্ধী পৰিয়ালক কটাক্ষ কৰে সাংসদগৰাকীয়ে৷ এই সময়ত দলটোৱে নিজক সমালোচনা কৰা উচিত৷ কিয়নো, তেওঁলোকে কেনেদৰে বক্তব্য আগবঢ়াব লাগে সেয়াও পাহৰি গৈছে বুলি কয় সাংসদ গৰাকীয়ে৷ উল্লেখ্য যে চীনক লৈ কংগ্রেছ দলৰ ভূমিকা সন্দর্ভত এই মন্তব্য কৰে সাংসদগৰাকীয়ে৷