নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত বিধানসভা নির্বাচনবিহাৰত সুশান্ত সিং ৰাজপুতৰ পোষ্টাৰ–মাস্ক মুকলি বিজেপিৰ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ বিহাৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত বিজেপিৰ সাংস্কৃতিক গোট ‘কলা সংস্কৃতি মঞ্চ’ই অভিনেতা সুশান্ত সিং ৰাজপুতৰ পোষ্টাৰ–বেনাৰ–মাস্ক মুকলি কৰাক লৈ বিৰোধী দলে তীব্র প্রতিবাদ কৰিছে৷

উল্লেখ্য যে যোৱা ১৪ জুনত মুম্বাইৰ বান্দ্রাস্থিত বাসগৃহত ৰহস্যজনক মৃত্যুৰ বলি হোৱা অভিনেতা সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্তই দেশজুৰি তীব্র আলোড়নৰ সৃষ্টি কৰাৰ সময়তে বিজেপিৰ সাংস্কৃতিক গোটে অভিনেতাগৰাকীৰ আলোকচিত্র ব্যৱহাৰ কৰাক লৈ বিৰোধীয়ে প্রতিবাদ কৰিছে৷ পোষ্টাৰ–বেনাৰত ‘না ভুলে হ্যেই, না ভুলনে দেংগে’ শীর্ষক শ্লোগান লিখি সাংস্কৃতিক গোটটোৱে নির্বাচনী প্রচাৰৰ কৌশল গ্রহণ কৰা বুলি বিৰোধীয়ে প্রতিবাদ কৰিছে৷ কলা–সংস্কৃতি মঞ্চৰ ৰাজ্যিক সমন্বয়ক বৰুণ কুমাৰ সিঙে প্রকাশ কৰা মতে ৩০ হাজাৰ ষ্টিকাৰ আৰু পোষ্টাৰ, ৩০ হাজাৰ ফেচ মাস্ক ছপা কৰা হৈছে৷

মুম্বাইত মৃত্যু হোৱা অভিনেতাজনৰ ন্যায় বিচৰা আন্দোলনৰ প্রতীক হিচাপে তেওঁলোকে এই পদক্ষেপ গ্রহণ কৰিছে৷ এই বিষয়টোক লৈ কোনো ৰাজনীতি কৰা নাই বুলি উল্লেখ কৰে সমন্বয়কগৰাকীয়ে৷

You might also like