গান্ধীবাদী আন্না হাজাৰেলৈ পত্র লিখি অস্বস্তিত দিল্লী বিজেপি
নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ আম আদমী পার্টীৰ বিৰুদ্ধে গণ আন্দোলনত অংশ ল’বলৈ দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাৰ প্রস্তাৱ প্রত্যাখ্যান কৰিছে প্রবীণ গান্ধীবাদী সমাজকর্মী আন্না হাজাৰেই৷ দিল্লী বিজেপিৰ সভাপতিয়ে পত্রযোগে গান্ধীবাদী হাজাৰেলৈ এই অনুৰোধ কৰাত একমুখে এই অনুৰোধ প্রত্যাখ্যান কৰে হাজাৰেই৷
পত্রখনৰ উত্তৰ দি হাজাৰেই কয়– ‘আপুনি পঠিওৱা পত্রখন পঢ়ি মই দুখ অনুভৱ কৰিছোঁ৷ বিজেপিয়ে ৬ বছৰতকৈ অধিককাল কেন্দ্রত শাসন কৰিলে৷ ২০১৪ চনত শাসনলৈ অহা চৰকাৰখনে দেশখন দুর্নীতিমুক্ত কৰিব বুলি প্রতিশ্রুতি দিছিল৷
কিন্তু জনতাই কোনো সকাহ অনুভৱ নকৰিলে৷ তেনে ক্ষমতাত থকা চৰকাৰে আন দলৰ দোষ বিচাৰে৷ মাজে সময়ে দলটোক আত্মসমালোচনাৰ দৰকাৰ৷’ হাজাৰেৰ এই পত্রক লৈ অস্বস্তিত পৰিছে দিল্লী বিজেপি৷