নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছহীদ জোৱানলৈ শ্ৰদ্ধাঃ দুদিনলৈ পিছুৱাই দিলে বিজেপিৰ ভার্র্চুৱেল ৰেলী

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ লাডাখৰ গালৱান উপত্যকাত শ্বহীদ হোৱা ২০জন ভাৰতীয় সেনাৰ প্রতি সন্মান জনাই অহা দুদিনৰ বাবে সকলো ধৰণৰ ৰাজনৈতিক কার্যসূচী তথা কাম–কাজ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে৷

  উল্লেখ্য যে দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ লগতে অসম, ওড়িশা, পশ্চিমবংগৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি বিশেষ কার্যসূচী গ্রহণ কৰিছিল শাসকীয় দলটোৰ কেন্দ্রীয় নেতৃত্বই৷ বিশেষকৈ অহা বর্ষত অসমত হ’বলগা বিধানসভা নির্বাচনৰ বাবে ব্যাপক কার্যসূচী গ্রহণ কৰিছিল বিজেপিয়ে৷ এই লক্ষ্যৰে আয়োজন কৰা হৈছিল তিনিখনকৈ ভার্চুৱেল ৰেলীৰ৷ ইয়াৰে প্রথমখন ৰেলী আজি দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই সম্বোধন কৰাৰ কথা আছিল৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত দলীয় কার্যকর্তাসকলক উদ্দেশ্যি অনলাইনৰ জৰিয়তে জে পি নাড্ডাই দিবলগা ভার্চুৱেল ৰেলীৰ সকলো প্রস্তুতি সম্পূর্ণ কৰাৰ সময়তে দলৰ নেতৃত্বই দুদিনৰ বাবে ৰাজনৈতিক কার্যসূচী স্থগিত ৰখাৰ কথা আজি ঘোষণা কৰে৷

   সেই অনুসৰিয়েই আজি বুধবাৰে অসমত ভার্চুৱেল ৰেলীখন স্থগিত ৰখা হয়৷ বিজেপিৰ কেন্দ্রীয় নেতৃত্বই লোৱা এই সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ কলাক্ষেত্রত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়– লাডাখৰ গালৱান উপত্যকাত যি ঘটনা ঘটি গ’ল, সেই ঘটনাই আমাক জোকাৰি গৈছে৷ দেশৰ ২০জনকৈ বীৰ সৈনিক শ্বহীদ হোৱাৰ পাছত আজি দলৰ সকলো কার্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ কেন্দ্রীয় নেতৃত্বই গ্রহণ কৰা সিদ্ধান্ত অনুসৰিয়ে ৰাজ্যিক বিজেপিয়ে ১৬ জুনৰ পৰা আৰম্ভ কৰা জনসম্পর্ক অভিযানো দুদিনৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে সভাপতি ৰঞ্জিত দাসে৷

   অহা ২০ জুনৰ পৰা পুনৰ জনসম্পর্ক অভিযান আৰম্ভ হ’ব৷ মন কৰিবলগীয়া যে কালিৰ ভার্চুৱেল ৰেলীৰ জৰিয়তে বিধানসভা নির্বাচনৰ বাবে আনুষ্ঠানিক ৰণডংকা বজাবলৈ একপ্রকাৰ সাজু হৈছিল শাসকীয় দলটো৷ এই ভার্চুৱেল ৰেলীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মায়ো ভাষণ দিয়াৰ কথা আছিল৷

You might also like