নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত পৰাজয়ৰ পিছত কম্বল ওভতাই ল’লে প্রার্থীয়ে

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ দুবছৰ পূর্বে ৰাইজৰ মাজত হাঁহিমুখে কম্বল বিলাইছিল৷ এতিয়া নির্বাচনত পৰাজিত হোৱাৰ লগে লগে সেই কম্বল ৰাইজৰ বিভিন্নজনৰ পৰা কাঢ়ি লৈছে বাংলাদেশৰ এগৰাকী ৰাজনীতিবিদে৷ বাংলাদেশৰ গ্রামাঞ্চলত হাঁড় কপোৱা জাৰৰ সৈতে যুঁজি থকা লোকসকলে কম্বল ওভতাই দি তীব্র ক্ষোভ উজাৰিছে৷ নির্বাচনত ভোটাৰক মদে–মাংসই ভোজ প্রদান কৰাটো প্রার্থীসকলৰ বাবে এক পৰম্পৰাত পৰিণত হৈছে৷ বহুতেই কম্বল–সূতা আদি সামগ্রী ভোটাৰক প্রদান কৰে নির্বাচনত জয়লাভৰ উদ্দেশ্যে৷ কিন্তু সেইবোৰ ওভতাই লোৱাৰ নজিৰ নাই৷ শেহতীয়াকৈ বাংলাদেশৰ টাংগাইলত সংঘটিত হৈছে এই ঘটনা৷ টাংগাইলৰ কালিহাটী উপ–জিলাৰ সহদেৱপুৰ ইউনিয়ৰ ৭, ৮ আৰু ৯ নম্বৰ ৱার্ডত সংৰক্ষিত আসনৰ প্রার্থী ৰমেশা খানমে এনেদৰে কম্বল কাঢ়ি লৈছে প্রার্থীৰ পৰা৷ যোৱা দেওবাৰে ইউনিয়ন পৰিষদত নির্বাচনত পৰাজিত হয় ৰমেশা৷ নির্বাচনৰ ফল ওলোৱাৰ পিছতেই প্রার্থীগৰাকীয়ে ৱার্ডত চাৰিজন লোকক দিয়া কম্বল ওভতাই লৈছে৷ এই বিষয়টোক কেন্দ্র কৰি বাংলাদেশৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ ইফালে, কম্বল হেৰুওৱা লোকসকলে ৰমেশাৰ মানৱীয় অনুভূতি নাই বুলি মন্তব্য কৰিছে৷

You might also like