নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: পাকিস্তানৰ পৰা পঞ্জাবৰ টার্ণ তৰণ জিলাত অনুপ্রৱেশ কৰিবলৈ চেষ্টা চলোৱা ৫ পাকিস্তানীক গুলীয়াই হত্যা কৰে বিএছএফে৷ জিলাখনৰ ভিখিৱিন্দ মহকুমাৰ ডাল গাঁৱৰ সমীপত ভাৰত–পাকিস্তানৰ আন্তঃৰাষ্ট্রীয় সীমান্তত আজি পুৱা ৫ অনুপ্রৱেশকাৰীক বিএছএফে গুলীয়াই হত্যা কৰি ভাৰতীয় ভূমিত প্রৱেশৰ চেষ্টা বিফল কৰে৷ বিএছএফে এই অনুপ্রৱেশকাৰীকেইটাৰ পৰা এটা ৰাইফল আৰু বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
তথ্য মতে, জিলাখনৰ সীমান্তৰ কাঁটা তাঁৰৰ সমীপত বিএছএফে নিয়মীয়া টহলৰ সময়ত ৫জন লোকে ভাৰতীয় ভূমিত প্রৱেশৰ চেষ্টা চলোৱাটো প্রত্যক্ষ কৰে আৰু লগে লগে গুলীয়াই হত্যা কৰে৷ অৱশ্যে অনুপ্রৱেশকাৰীকেইটাই বিএছএফলৈ লক্ষ্য কৰি গুলীবর্ষণ কৰে৷ বাতৰি যুগুতোৱা পৰলৈকে নিহত অনুপ্রৱেশকাৰীকেইটাক চিনাক্ত কৰিব পৰা হোৱা নাই৷ বিএছএফৰ মতে, এই অনুপ্রৱেশকাৰীকেইটা সন্ত্রাসবাদী কিম্বা নিচাযুক্ত দ্রব্য সৰবৰাহকাৰী হ’ব পাৰে৷