নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত ১০০ শতাংশ মহিলাই যৌন আতিশয্যৰ বলিঃ ইউগ’ভৰ সমীক্ষা

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ  ইউৰোপীয় দেশ ব্রিটেইনৰ প্রায় ১০০ শতাংশ মহিলাই জীৱনকালত এবাৰ হ’লেও যৌন আতিশয্যৰ সন্মুখীন হ’বলগীয়া হয়৷ শেহতীয়াকৈ দেশখনৰ গৱেষণা তথা বিশ্লেষক প্রতিষ্ঠান ইউগ’ভে চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ ইউগ’ভৰ তথ্য অনুসৰি প্রায় ৯৭ শতাংশ মহিলাই তেওঁলোকৰ ওপৰত সংঘটিত যৌন আতিশয্য গ্রহণ কৰে৷ দেশখনৰ সংবাদ–পত্র গার্জিয়ানে এক প্রতিবেদনত প্রকাশ কৰিছে যে ৮০ শতাংশ ব্রিটিছ মহিলা ৰাজহুৱা স্থানত যৌন আতিশয্যৰ সন্মুখীন হ’বলগীয়া হয়৷ ইয়াৰে ৯৭ শতাংশৰ বয়স ১৮ৰ পৰা ২৪ বছৰৰ ভিতৰত৷ ইউগ’ভৰ সমীক্ষাৰ ওপৰত ভিত্তি কৰি এই প্রতিবেদন প্রকাশ কৰাৰ লগে লগেই তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ লিংগ সমতা আৰু মহিলা সবলীকৰণৰ ক্ষেত্রত থকা সংশ্লিষ্ট সংস্থাৰ ব্রিটেইনৰ শাখায়ো অনুৰূপ তথ্য সদৰী কৰিছে৷ বহু ব্রিটিছ মহিলাই এই আতিশয্যৰ ঘটনা সন্দর্ভত আৰক্ষীক অভিযোগ নিদিয়াৰ কাৰণ হৈছে যৌন আতিশয্যৰ বিৰুদ্ধে ব্রিটেইনে আশানুৰূপ ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷ অর্থাৎ আৰক্ষীৰ ওপৰত এইক্ষেত্রত কোনো ধৰণৰ আস্থা নথকাৰ বাবেই মহিলাসকলে অভিযোগ দিবলৈ আগ নাবাঢ়ে৷ গতিকে, নাৰীৰ ওপৰত আতিশয্যৰ ছবিখন আজিও অপৰিৱর্তিত হৈ আছে ব্রিটেইনত৷

You might also like