ক’ৰোনাৰ প’জিটিভ ৰিজাল্ট নিগেটিভ কৰাৰ প্ৰমাণপত্ৰৰ বৃহৎ বজাৰ, ক’ত চলিছে এই ব্যৱসায়?
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ক’ৰোনা ভাইৰাছৰ ভুৱা প্ৰমাণপত্ৰ বিক্ৰীৰ এখন বৃহৎ বজাৰ চলিছে বাংলাদেশত। ইতিমধ্যে বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন হাস্পতালৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে বাংলাদেশৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ পজিটিভ ৰিজাল্ট নিগেটিভ কৰি ভুৱা প্ৰমাণ পত্ৰ বিক্ৰী কৰি আহিছিল হাস্পতালখনে। যিহেতু এই শ্ৰমিকসকল ইউৰোপৰ প্ৰব্ৰজিত শ্ৰমিক গতিকে নিজৰ কৰ্মক্ষেত্ৰই ঘূৰি যাবলৈ তেওঁলোকক প্ৰয়োজন হয় ক’ৰোনাত আক্ৰান্ত নোহোৱাৰ একোখনকৈ প্ৰমাণপত্ৰ। এই চক্ৰটোত বাংলাদেশৰ কেইবাজনো চিকিৎসক তথা লেব কৰ্মী জড়িত হোৱাৰ বাতৰি পোহৰলৈ আহিছে।
ঢাকাৰ এই হাস্পতালখনে প্ৰায় ১০ হাজাৰৰো অধিক প্ৰমাণ পত্ৰ বিক্ৰী কৰিছিল। হাস্পতালখনৰ স্বত্বাধিকাৰীজন মহম্মদ ছাহেদ বুলি জাানিব পৰা গৈছে। তেওঁ মহিলাৰ বেশেৰে সীমান্ত পাৰ হোৱাৰ চেষ্টা কৰোতেই কৰায়ত্ত কৰে আৰক্ষীয়ে।
ফটোঃ নিউৱৰ্ক টাইমছ