নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাত তাপপ্রৱাহত মৃত্যু ২৩৩জনৰ

নিয়মীয়া বাৰ্তা ১ জুলাইঃ  কানাডাত পূর্বৰ সকলো অভিলেখ ভংগ কৰি তাপমাত্রা ৪৯.৫ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছে৷ তাপপ্রৱাহৰ ভয়াৱহতাই প্রাণঘাতী ৰূপ লৈছে দেশখনত৷ যোৱা শুকুৰবাৰৰ পৰা ধাৰাবাহিকভাৱে তাপমাত্রা বৃদ্ধি পাই থকাত জনজীৱন ব্যাহত হোৱাই নহয়, অতি কমেও ২৩৩জন লোকৰ প্রাণহানি হৈছে৷ দেশখনৰ পৰিৱেশ বিভাগে এই প্রাণঘাতী তাপপ্রৱাহক লৈ সমগ্র প্রদেশতে হাই এলার্ট জাৰি কৰিছে৷ পূর্বৰ সকলো অভিলেখ ভংগৰে ৪৯.৫ ডিগ্রী তাপমাত্রাত লিটন, ব্রিটিছ কলম্বিয়া এলবার্টা, মনিটবা, ভানকুভেৰ, য়ুকোন আৰু উত্তৰ–পশ্চিম অঞ্চলসমূহত জনজীৱন স্তব্ধ হৈ পৰিছে৷ প্রচণ্ড গৰমপ্রৱাহৰ ফলত উল্লিখিত অঞ্চলসমূহত অতি কমেও ২৩৩জন লোকৰ মৃত্যু ঘটিছে৷

মৃত্যু ঘটা লোকৰ ভিতৰত বৃদ্ধ, শিশু আৰু যুৱ প্রজন্মও আছে৷ প্রাণঘাতী তাপপ্রৱাহৰ ফলত অকালতে প্রাণ হেৰুওৱা লোকৰ সংখ্যা বর্ধিত হ’ব বুলি চৰকাৰে প্রকাশ কৰিছে৷ তাপপ্রৱাহৰ প্রতি লক্ষ্য ৰাখি তাপমাত্রা বৃদ্ধি পোৱা অঞ্চলসমূহত বিদ্যালয় আৰু টিকাকৰণ কেন্দ্র বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ ব্রিটিছ কলম্বিয়াত কাহানিও এনে প্রচণ্ড তাপপ্রৱাহ হোৱা নাই বুলি শাসক জন হৰগানে প্রকাশ কৰিছে৷ পৰিস্থিতিৰ ভয়াৱতাৰ প্রতি লক্ষ্য ৰাখি সকলো নাগৰিকক সাৱধান হ’বলৈ সতর্কবাণী জাৰি কৰিছে৷

কানাডাত তাপপ্রৱাহে ভয়ানক পৰিস্থিতি সৃষ্টি কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰ–পশ্চিম অঞ্চললৈও এই তাপপ্রৱাহ সম্প্রসাৰিত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রশান্ত মহাসাগৰীয় উত্তৰ–পশ্চিম চহৰ প’টলেণ্ড, অ’ৰেগান, ছিটল আৰু ৱাশ্বিংটনত তাপমাত্রা বৃদ্ধি পাইছে৷ ১৯৪০ চনৰ পাছত এই চহৰকেইখনত অভিলেখসংখ্যক তাপমাত্রা লিপিবদ্ধ কৰা হৈছে৷ ৰাষ্ট্রীয় বতৰ সেৱাৰ তথ্য মতে প’টলেণ্ডত ৪৬.১ ডিগ্রী চেলছিয়াছ আৰু ছিটলত ৪২.২ ডিগ্রী চেলছিয়াছ তাপমাত্রা লিপিবদ্ধ কৰা হৈছে৷ ৰাষ্ট্রীয় বতৰ সেৱাই নাগৰিকক শীত–তাপ নিয়ন্ত্রতি অট্টালিকাৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছে৷

You might also like