নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্ধাৰৰ সময়ত জীৱিত আছিল ৰাৱাট খাবলৈ বিচাৰিছিল পানী

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: দেশৰ সেনাৰ ইতিহাসত ভয়ংকৰ হেলিকপ্ঢাৰ দুর্ঘটনাৰ প্রত্যক্ষদর্শীয়ে শিহৰণকাৰী ভাষ্য আগবঢ়াইছে৷ তামিলনাডুৰ কুন্নুৰত কালি বায়ুসেনাৰ এম আই–১৭ ভি–৫ হেলিকপ্টাৰখন পতিত হোৱাৰ পাছতে দুর্ঘটনাস্থলীত উপস্থিত হোৱা প্রত্যক্ষদর্শীয়ে হেলিকপ্টাৰখনত থকা আৰোহীক লৈ শিহৰণকাৰী ভাষ্য দিছে৷

ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱা স্থানীয় শিৱ কুমাৰ নামৰ লোকজনে প্রকাশ কৰা মতে, দুর্ঘটনাত পতিত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষত জীৱিত অৱস্থাত দেখিছিল এজন লোকক৷ শিৱ কুমাৰ নামৰ লোকজনে তেওঁৰ ভাতৃৰ সৈতে দুর্ঘটনাস্থলীলৈ গৈ ভগ্ন হেলিকপ্টাৰত লাগি থকা জুইৰ মাজত তিনিটা শৰীৰ পৰি থকা দেখিছিল৷ তাৰে এজন জীৱিত আছিল৷ তেওঁ পানী বিচাৰিছিল৷ আমি তেওঁক এখন বিছনা চাদৰেৰে বাহিৰলৈ উলিয়াই আনিছিলোঁ আৰু উদ্ধাৰকাৰীৰ জৰিয়তে চিকিৎসালয়লৈ পঠিয়াই দিছিলোঁ৷ তিনি ঘণ্টামানৰ মূৰকত তেওঁ কাৰোবাৰ পৰা শিৱ কুমাৰে জানিব পাৰিছিল পানী বিচৰা আৰু উদ্ধাৰকাৰীৰ সৈতে বিছনা চাদৰেৰে মেৰিয়াই উঠাই আনি চিকিৎসালয়লৈ প্রেৰণ কৰা লোকজন আছিল জেনেৰেল বিপিন ৰাৱাট৷

সাংবাদিকৰ আগত শিৱ কুমাৰে আনকি চি ডি এছৰ আলোকচিত্র দেখুৱাইছিল৷ চিকিৎসালয়লৈ নিয়াৰ পথত প্রাণ হেৰুওৱা চি ডি এছ জেনেৰেল ৰাৱাট সন্দর্ভত ঘটনাস্থলীতে চকু সেমেকাই শিৱ কুমাৰে সাংবাদিকক কয়– মই এতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ যে সেই ব্যক্তিজনে দেশৰ কাৰণে কিমান কৰিছিল আৰু মই তেওঁক অলপ পানীও দিব পৰা নাছিলোঁ৷ গোটেই নিশা মই শুব পৰা নাছিলোঁ৷ শিৱ কুমাৰৰ উপৰি আন কেইবাজনো প্রত্যক্ষদর্শীয়ে কালিৰ হেলিকপ্টাৰ দুর্ঘটনাস্থলীৰ অনেক শিহৰণকাৰী দৃশ্য সংবাদ মাধ্যমত প্রকাশ কৰিছে৷

You might also like