এটা বছৰত সীমান্তত যুদ্ধবিৰতি উলংঘাৰ অভিলেখ
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ২০২০ৰ ফেব্রুৱাৰীৰ পৰা ২০২১ৰ ফেব্রুৱাৰীলৈকে পাকিস্তানে ভাৰতৰ সৈতে থকা কাশ্মীৰ সীমান্তত প্রতিদিনে গড়ে ১২বাৰকৈ যুদ্ধবিৰতি উলংঘা কৰিছে৷ ২০২০ৰ আগষ্ট আৰু ছেপ্ঢেম্বৰ মাহত বিগত ১৭ বছৰৰ ভিতৰত যুদ্ধবিৰতি ভংগৰ অভিলেখ গঢ়িছিল ভাৰতৰ প্রতিৱেশী দেশখনে৷ শেহতীয়াকৈ চৰকাৰী প্রতিবেদনত সদৰী হৈছে এই তথ্য৷ যোৱা ২৪ ফেব্রুৱাৰীৰ মাজনিশাৰ পৰা দুয়োখন দেশৰ সেনাই নিয়ন্ত্রণৰেখাত যুদ্ধবিৰতি কঠোৰভাৱে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ তেতিয়াৰ পৰা অৱশ্যে সীমান্তত যুদ্ধবিৰতি উলংঘা কৰা নাই পাক সেনাই৷ স্মর্তব্য যে দুয়োখন দেশে ২০০৩ চনত প্রথমবাৰৰ বাবে যুদ্ধবিৰতি পালন কৰাৰ ক্ষেত্রত সহমতত উপনীত হৈছিল৷ পাকিস্তানে আন্তর্জাতিক সীমান্তত পাঁচ সহস্রাধিকবাৰ যুদ্ধবিৰতি উলংঘাৰে অভিলেখ গঢ়া বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে ২০২০ৰ আগষ্ট মাহত নিয়ন্ত্রণৰেখাত পাক সেনাই ৪২৭বাৰ যুদ্ধবিৰতি উলংঘা কৰিছিল৷