নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: কেন্দ্রীয় অসামৰিক বিমানমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এক পত্রযোগে ৰাজ্যৰ চাৰিটা বিমানবন্দৰৰ বাবে ভূমি বিচাৰি এক পত্র প্রেৰণ কৰিছে৷
উক্ত পত্রযোগে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ডিব্রুগড় বিমানবন্দৰৰ বাবে ৭৮.৫ একৰ, লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ বাবে ১০৯ একৰ, শিলচৰ বিমানবন্দৰৰ বাবে ১১৬.৫ একৰ আৰু যোৰহাট বিমানবন্দৰৰ বাবে ৫০ একৰ ভূমি আবণ্টন দিয়াৰ বাবে অনুৰোধ জনাইছে৷
বিমানবন্দৰকেইটাৰ সম্প্রসাৰণৰ বাবে তথা ৰানৱে বৃদ্ধি কৰাৰ বাবে ভূমি অধিগ্রহণৰ প্রয়োজনীয়তাৰ দিশ উল্লেখ কৰি এই পত্র প্রেৰণ কৰিছে৷
উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অসমৰ লগতে অন্ধ্রপ্রদেশ, অৰুণাচল প্রদেশ, বিহাৰ আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্রীলৈ বিমানবন্দৰৰ বাবে ভূমি বিচাৰি পত্র প্রেৰণ কৰিছে৷