নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ লেবাননৰ ৰাজধানী বেইৰুটত অসুৰক্ষিত অৱস্থাত থকা ২,৭৫০ টন এম’নিয়াম নাইট্রেটত সংঘটিত বিস্ফোৰণে বিভীষিকাৰ সৃষ্টি কৰাৰ পাছতে ভাৰতৰ চেন্নাইৰ পার্শ্বৱর্তী মানালিত থকা ৭৪০ টন এম’নিয়াম নাইট্রেটক লৈ সৃষ্টি হৈছে আশংকা৷ অৱশ্যে মানালিৰ বন্দৰৰ শুল্ক বিভাগৰ বিষয়াই এই বিষাক্ত ৰাসায়নিক সামগ্রী গুদামত সুৰক্ষিত অৱস্থাত থকা বুলি সংবাদ মাধ্যমক জনাইছে৷ ২০১৫ চনত শুল্ক বিভাগে এই বৃহৎ পৰিমাণৰ এম’নিয়াম নাইট্রেট চেন্নাই বন্দৰত পৰিত্যক্ত অৱস্থাত লাভ কৰিছিল৷ তাৎক্ষণিকভাৱে ৭৪০ টন এম’নিয়াম নাইট্রেট মানালিলৈ স্থানান্তৰ কৰা হৈছিল৷ বর্তমান মানালিত আৱাসিক অঞ্চলৰ পৰা দূৰত এক গুদামত এই এম’নিয়াম নাইট্রেট ৰখা হৈছে৷ পি এম কে নেতা ড০ ৰামাদোছে এই বৃহৎ পৰিমাণৰ চেন্নাইৰ পৰা স্থানান্তৰ কৰাৰ দাবী উত্থাপন কৰিছে৷ ছ’চিয়েল মিডিয়া টুইটাৰত পি এম কে নেতাগৰাকীয়ে উল্লেখ কৰিছে যে বিষাক্ত এই ৰাসায়নিক সামগ্রীয়ে লেবাননৰ দৰে ভয়াৱহ ঘটনা সংঘটিত কৰিব পাৰে তামিলনাডুত৷ গতিকে ৭৪০ টন এম’নিয়াম নাইট্রেট শীঘ্রে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লাগে বুলি দাবী তুলিছে নেতাগৰাকীয়ে৷ অৱশ্যে এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷