চেন্নাইত পুলৱামাৰ বীৰ শ্বহীদক স্মৰণ মোদীৰ
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত দক্ষিণ কাশ্মীৰৰ পুলৱামাত সন্ত্রাসবাদীৰ হিংস্র আক্রমণত প্রাণ আহুতি দিয়া চিআৰপিএফৰ জোৱানসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দেওবাৰে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উল্লেখ কৰে যে কোনো ভাৰতীয়ই এই ভয়ংকৰ দিনটোৰ কথা পাহৰিব নোৱাৰে৷ দুবছৰ পূর্বে পুলৱামাত সন্ত্রাসবাদীৰ জঘন্য আক্রমণত প্রাণ আহুতি দিয়া বীৰ জোৱানসকলক স্মৰণ কৰি মোদীয়ে এই কথাও উল্লেখ কৰে যে ভাৰতৰ নিৰাপত্তা বাহিনী আৰু তেওঁলোকৰ সাহসক লৈ দেশবাসী গর্বিত৷ ভৱিষ্যৎ প্রজন্ম সদায় দেশৰ বীৰ যোদ্ধাসকলৰ সাহস আৰু ত্যাগৰ দ্বাৰা অনুপ্রাণিত হৈ থাকিব বুলিও প্রধানমন্ত্রীগৰাকীয়্ তামিলনাডুৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি মন্তব্য কৰে৷
স্মর্তব্য যে ২০১৯ৰ ১৪ ফেব্রুৱাৰীত জম্মু–কাশ্মীৰৰ পুলৱামাত জইছ–ই–মহম্মদ সন্ত্রাসবাদীয়ে চলোৱা আক্রমণত ৪০গৰাকী চি আৰ পি এফ জোৱানে প্রাণ হেৰুৱাইছিল৷ এই ঘটনাক কেন্দ্র কৰি দেশজুৰি সৃষ্টি হৈছিল পাকবিৰোধী প্রতিক্রিয়া৷ দেশৰ সশস্ত্র বাহিনী এতিয়া মাতৃভূমিক ৰক্ষা কৰিবলৈ সমর্থ বুলি মন্তব্য কৰি প্রধানমন্ত্রীগৰাকীয়্ আজি সেনাৰ হাতত অর্পণ কৰে ‘মেড ইন ইণ্ডিয়া’ কার্যসূচীৰ অধীনত নির্মাণ কৰা অর্জুন যুদ্ধ টেংক৷ তামিলনাডুত বিভিন্ন চৰকাৰী আঁচনি মুকলি কৰিবলৈ অহা প্রধানমন্ত্রীগৰাকীয়্ চেন্নাইত স্থলসেনাৰ মুৰব্বী এম এম নাৰাৱানেৰ হাতত অর্পণ কৰে দেশৰ নিজস্ব প্রযুক্তিৰে নির্মাণ কৰা অর্জুন যুদ্ধ টেংক৷ অত্যাধুনিক এই যুদ্ধ টেংক নির্মাণ কৰিছে প্রতিৰক্ষা, গৱেষণা তথা উন্নয়ন সংস্থা (ডিআৰডি’)ই৷ স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে প্রতিৰক্ষা মন্ত্রালয়ে ‘মেড ইন ইণ্ডিয়া’ আঁচনিৰ অধীনত নির্মাণ কৰা ১১৮ অর্জুন মার্ক–১এ যুদ্ধ টেংক ভাৰতীয় সেনাক অর্পণ কৰাৰ সিদ্ধান্ত লৈছিল৷ এই যুদ্ধ টেংকবোৰ নির্মাণত খৰচ হৈছে ৮,৪০০ কোটি টকা৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রীগৰাকীয়্ আজি চেন্নাইত কেইবাটাও প্রকল্প মুকলি কৰে৷