নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চিকেন নেক’ৰ ডিঙি চেপি উত্তৰ–পূর্বাঞ্চল দখলৰ ব্লুপ্রিণ্ট চীনৰ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ ভাৰতৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ–পূর্বাঞ্চলক সংযোগ কৰি ৰখা ‘চিকেন নেক’ৰ পৰা ৰঙা চীনৰ চকু মুঠেহ আঁতৰা নাহ৷ হয়াৰ বিপৰীতে ‘চিকেন নেক’ ৰূপে জনজাত মাত্র ২০ কিলোমিটাৰৰ শিলিগুৰি কৰিড’ৰৰ ডিঙি চেপি উত্তৰ–পূর্বাঞ্চল দখলৰ উদ্দেশ্যে চীনৰ এক ভয়ংকৰ ব্লুপ্রিণ্ট ফাদিল কৰিছে মার্কিন যুক্তৰাষ্ট্রৰ প্রতিৰক্ষা বিভাগে৷ মার্কিন কংগ্রেছৰ ওচৰত শেহতীয়াকৈ দাখিল কৰা এখন প্রতিবেদনত দেশখনৰ প্রতিৰক্ষা বিভাগে ভূটান আৰু নেপালৰ মাজত থকা চুম্বি উপত্যকাত ভূটানৰ ভূমি দখল কৰি চীনে যিদৰে আন্তঃগাঁথনি নির্মাণ কৰি আছে, তাক লৈ ভাৰতক সতর্ক কৰি দিছে৷ ২০২১ চনৰ বার্ষিক প্রতিবেদনত মার্কিন প্রতিৰক্ষা বিভাগে প্রকাশ কৰা অনুসৰি তিব্বত স্বায়ত্তশাসিত অঞ্চল সংলগ্ণ ভূটানৰ মাটিত চীনে ক্রমবর্ধমান তথা কৌশলগতভাৱে সীমা সলনি কৰি গৈ আছে৷ আৰু হয়াৰ লক্ষ্য এটাই– শিলিগুৰি কৰিড’ৰৰ কিমান কাষ চাপিব পৰা যায়৷

লক্ষণীয়ভাৱে চুম্বি উপত্যকাত চীনে এহ মুহূর্তত ভূটানৰ যি স্থানত ব্যাপক হাৰত আন্তঃগাঁথনি নির্মাণ কৰি আছে, তাৰ পৰা মাত্র পঞ্চাশ কিলোমিটাৰ আঁতৰত আছে শিলিগুৰি কৰিড’ৰ৷ বাংলাদেশ, ভূটান আৰু নেপালৰ সীমান্ত সংলগ্ণ শিলিগুৰি কৰিড’ৰৰ সর্বাধিক দৈর্ঘ্য হৈছে ১৭০ কিলোমিটাৰ আৰু সর্বনিম্ন দৈর্ঘ্য হৈছে ২০ কিলোমিটাৰ৷ এহ কৰিড’ৰৰ নিচেই কাষত ভূটানৰ মাটি দখল কৰি পথ তথা সামৰিক আন্তঃগাঁথনি তৈয়াৰ কৰি আছে চীনে৷ ছেটেলাহটৰ পৰা লব্ধ চিত্রৰ বিশ্লেষণ কৰি দেখা গৈছে উত্তৰ বংগৰ অন্যতম নদী তোর্ষাৰ পাৰে পাৰে ভূটানৰ ভূমিত চীনে কেনেদৰে বৃহৎ নির্মাণকার্য চলাহ আছে৷ মন কৰিবলগীয়া যে হয়াৰ মাজতেহ ভূটানৰ সৈতে চীনে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷ চীন–ভূটান সীমা বিবাদ নিষ্পত্তিৰ বাবে স্বাক্ষৰিত এহ চুক্তিৰ আঁত ধৰি বেইজিং প্রশাসনে এহ মুহূর্তত যিদৰে আগ্রাসী কার্যকলাপ চলাহ আছে, সেয়া ভাৰতৰ বাবে অতিশয় উদ্বেগজনক বুলি মার্কিন প্রতিৰক্ষা বিভাগে সতর্ক কৰি দিছে৷ আশংকা কৰা মতে, ভাৰতৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ–পূর্বাঞ্চল সংযোগী শিলিগুৰি কৰিড’ৰৰ মাজেৰে ৰাষ্ট্রীয় ঘাহপথ, ৰে’লপথ, বিভিন্ন ধৰণৰ পাহপলাহন আৰু মুখ্যতঃ দূৰসঞ্চাৰ তথা যোগাযোগ বিভাগৰ ভূগর্ভস্থ কেবল আদি পাৰ হৈছে৷ কৌশলগতভাৱে এহবোৰ কব্জা কৰাহ এতিয়া চীনৰ লক্ষ্য হৈ পৰিছে বুলি আশংকা ব্যক্ত কৰিছে মার্কিন প্রতিৰক্ষা বিভাগে৷

ইয়াৰ মাজতেহ উদ্বেগৰ বিষয়টো হৈছে বিবদমান চুম্বি উপত্যকাত চলিত বছৰৰ আগষ্ট মাহত চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে ৪০০ স্থানীয় তিব্বতী যুৱকক লৈ এটা সশস্ত্র গোট গঠন কৰিছে৷ চুম্বি উপত্যকাৰ ফৰিদং আৰু য়াতুং এলেকাৰ প্রতি পৰিয়ালৰ ১৮ৰ পৰা ৪০ বছৰীয়া কমেও এজনকৈ উক্ত গোটত বাধ্যতামূলকভাৱে ভর্তি কৰোৱা হৈছে৷ এহ মুহূর্তত লাছাস্থিত পিপলছ লিবাৰেচন আর্মীৰ কার্যালয়ত তেওঁলোকক এবছৰৰ বাবে প্রশিক্ষণ দি থকা হৈছে৷ চোৰাংচোৱা সূত্রৰ আঁত ধৰি মার্কিন প্রতিৰক্ষা বিভাগে প্রকাশ কৰা মতে, শিলিগুৰি কৰিড’ৰৰ ওপৰত কেনেকৈ প্রভাৱ বিস্তাৰ কৰিব পাৰি, তাৰ প্রতি লক্ষ্য ৰাখিহে এওঁলোকক প্রশিক্ষণ দি থকা হৈছে৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে চলিত বছৰৰ জুলাহ মাহত পূব লাডাখ সংলগ্ণ তিব্বতৰ নগাৰী প্রান্তৰ ছিকুৱানহে এলেকাৰ পৰাও চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে সশস্ত্র বাহিনীৰ বাবে স্থানীয় যুৱকসকলক নিয়োগ কৰিছিল৷ সীমান্তত সমুখসমৰত নতুনকৈ গঠন কৰা সশস্ত্র গোটসমূহক চীনে ব্যৱহাৰ কৰিব বিচাৰিছে বুলি আশংকা ব্যক্ত কৰা হৈছে৷ তাৰ বাবেহ যথোপযোগী প্রশিক্ষণ দি থকা হৈছে চুম্বি আৰু নগাৰি প্রান্তৰ তিব্বতী যুৱকসকলক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে লাডাখ, শিলিগুৰি কৰিড’ৰৰ উপৰি অৰুণাচল সীমান্ততো যোৱা বছৰ চীনে ১০০টা বৃহৎ ঘৰ নির্মাণ কৰি নতুনকৈ এখন গাঁও সৃষ্টি কৰাৰ বাতৰিয়ে হতিমধ্যে খলকনি সৃষ্টি কৰিছে৷

You might also like