নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিআইএৰ মুৰব্বী উইলিয়াম বার্নছৰ সৈতে অজিত ডোভালৰ বৈঠক

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ কালি তালিবানে আফগানিস্তানত অন্তর্ৱর্তী চৰকাৰ এখন ঘোষণা কৰাৰ মাত্র কেইঘণ্টামানৰ পিছতেই দিল্লীত গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈছে ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আমেৰিকান চোৰাংচোৱা সংস্থা চি আই এৰ মুৰব্বী উইলিয়াম বার্নছ৷ দুয়োগৰাকী শীর্ষ বিষয়ববীয়াৰ মাজত কি আলোচনা হৈছে সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই৷

লক্ষণীয়ভাৱে তালিবান ক্ষমতালৈ অহাৰ পিছত আফগানিস্তানৰ ভৱিষ্যৎ পৰিস্থিতি সন্দর্ভত ডোভাল আৰু বার্নছে আলোচনা কৰা বুলি নিৰাপত্তা বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ আগন্তুক দিনত আন্তর্জাতিক ক্ষেত্রত তালিবানে যাতে নিৰাপত্তালৈ প্রত্যাহ্বান কঢ়িয়াই আনিব নোৱাৰে সেই সন্দর্ভত দুয়োগৰাকী বিষয়ববীয়াই বিতংভাৱে আলোচনা কৰা বুলিও একাংশ মহলে ধাৰণা কৰিছে৷

You might also like