নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতা বৃদ্ধিয়ে প্রভাৱ পেলাইছে জিঞাৰ ওপৰত

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ জলবায়ু পৰিৱর্তনৰ ফলত বিশ্বৰ বিভিন্ন দেশৰ পৰা বিলুপ্ত হ’বলৈ লৈছে বহু কীট–পতংগ৷ অসম দুষ্প্রাপ্য প্রজাতিৰ প্রাণীয়েই নহয়, কীট–পতংগবোৰো ক্রমাৎ নাইকিয়া হ’বলৈ লৈছে৷ শেহতীয়াকৈ ব্রিটেইন আৰু আয়াৰলেণ্ডত উষ্ণতা বৃদ্ধিৰ বাবে বিভিন্ন প্রজাতিৰ জিঞাই উত্তৰ প্রান্তলৈ যাত্রা কৰিছে৷

লক্ষণীয়ভাৱে প্রদূষণ আৰু জিঞাৰ বিচৰণস্থলী হ্রাস পোৱাৰ ফলত ১৯৭০ চনৰ পৰা ৪০ শতাংশতকৈ অধিক জিঞাই উত্তৰ দিশলৈ যাত্রা কৰিছে৷ অর্থাৎ এটা অঞ্চলত যদি জিঞাৰ সংখ্যা বৃদ্ধি পাইছে আন অঞ্চলত ইয়াৰ সংখ্যা হ্রাস পাইছে৷

ব্রিটিছ ড্রেগনফ্লাই ছ’চাইটীৰ তথ্য অনুসৰি জলবায়ু পৰিৱর্তনে জিঞাৰ বিচৰণৰ ক্ষেত্রত প্রতিকূল প্রভাৱ পেলাইছে৷ শেহতীয়াকৈ জিঞা বুলিয়েই নহয়, প্রদূষণৰ বাবে হ্রাস পাইছে বহু কীট–পতংগ৷ বিশ্বৰ এটা প্রান্তৰ পৰা অন্য এটা প্রান্তলৈ বহু দুষ্প্রাপ্য প্রজাতিৰ পখীয়ে যাত্রা কৰিবলৈ লৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে৷ আমাজ’ন বর্ষাৰণ্য সংকুচিত হোৱাৰ ফলত বহু প্রাণী বিপন্ন অৱস্থালৈ গতি কৰিছে৷

You might also like