নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ ৰাষ্ট্রপতি–লোকসভাৰ অধ্যক্ষ–প্রতিৰক্ষা মন্ত্রী–কৃষিমন্ত্রী–পৰিবহণ মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২ জুনঃ দিল্লী ভ্রমণৰ তৃতীয় দিনটোত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে পুৱাৰ ভাগত উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডুক সাক্ষাৎ কৰে৷ দিনৰ ১০ বজাত উপ–ৰাষ্ট্রপতিৰ চৰকাৰী বাসভৱনত মুখ্যমন্ত্রীগৰাকী প্রায় ২০ মিনিটৰ বৈঠকত মিলিত হয়৷

ইয়াৰ পিছত দুপৰীয়া ১২ বজাত তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে৷ আকবৰ ৰোডস্থিত লোকসভাৰ অধ্যক্ষৰ চৰকাৰী বাসভৱনত হোৱা এই সাক্ষাতৰ পিছত বিয়লি ৩ বজাত তেওঁ কৃষি ভৱনত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ আৰু তাৰ পিছত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰে৷

মুখ্যমন্ত্রীগৰাকীয়ে ইয়াৰ পিছত সন্ধিয়া ৬.৩০ বজাত কেন্দ্রীয় ক্ষুদ্র আৰু মজলীয়া উদ্যোগ তথা জাহাজ মন্ত্রী নীতিন গাডকাৰিৰ সৈতেও এখন বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্রী কার্যালয়ে এই সকলো বৈঠকক সৌজন্যমূলক বুলি জানিবলৈ দিছে৷

ইপিনে মঙলবাৰে সমগ্র দিনটোত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কেন্দ্রীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যমন্ত্রী ৰামেশ্বৰ তেলীয়ে সংগ দিয়ে৷

You might also like