মহাৰাষ্ট্রত অমিতাভ অক্ষয়ৰ বিৰুদ্ধে সৰৱ কংগ্রেছ
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ২০১৪ চনলৈ কেন্দ্রত কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰ থকাৰ সময়ত ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈছিল বলীউডৰ অভিনেতা অমিতাভ বচ্চন তথা অক্ষয় কুমাৰ৷ কিন্তু শেহতীয়াকৈ পেট্র’লৰ মূল্যই বিভিন্ন স্থানত প্রতি লিটাৰত ১০০ টকা অতিক্রম কৰাৰ সময়তো দুয়োগৰাকী অভিনেতা নীৰৱ হৈ আছে৷ এই বিষয়টোক লৈয়ে মহাৰাষ্ট্রত সৰৱ হৈছে কংগ্রেছ৷ কংগ্রেছ নেতা নানা পাটোলে উল্লেখ কৰিছে যে অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰৰ ছবি মহাৰাষ্ট্রত মুকলি তথা দৃশ্য গ্রহণৰ সুযোগ দিয়া নহ’ব৷ মোদী চৰকাৰৰ গণবিৰোধী নীতি সত্ত্বেও দুয়োগৰাকী অভিনেতাই এনেদৰে মৌনতা অৱলম্বন কৰা বিষয়টোক কংগ্রেছে সহজভাৱে গ্রহণ নকৰে বুলিও স্পষ্ট কৰি দিছে নানা পাটোলে৷