মোদীৰ সৈতে দেশবাসী, অসহায় কংগ্রেছ ‘টুইট’ৰ দল
মোদী চৰকাৰক সমালোচনা কৰা ৰাহুল গান্ধীক কটাক্ষ প্রকাশ জাভাড়েকাৰৰ
নিয়মীয়া বাৰ্তা ২২ জুলাইঃ কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে টুইটযোগে মোদী চৰকাৰক সমালোচনা কৰাৰ পিছতেই উভতি ধৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী প্রকাশ জাভাড়েকাৰে৷ কংগ্রেছ সাংসদ ৰাহুল গান্ধীয়ে টুইটযোগে ফেব্রুৱাৰী মাহটো নমস্তে ট্রাম্প, মার্চ মাহটো মধ্যপ্রদেশত চৰকাৰ উৎখাত, এপ্রিল মাহটো মমবাতি জ্বলোৱা, মে’ মাহটো চৰকাৰৰ ছয় সংখ্যক বার্ষিকী, জুন মাহটো বিহাৰত ভার্চুৱেল ৰেলী আৰু জুলাই মাহটো ৰাজস্থানত চৰকাৰ পতন ঘটোৱাৰ চেষ্টা বুলি মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ৰাহুল গান্ধীৰ এই টুইটৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী প্রকাশ জাভাড়েকাৰে ৰাহুল গান্ধীক উভতি ধৰি কয় যে কংগ্রেছ এতিয়া টুইটৰ দল৷ দলটোৱে জনতাৰ বাবে কাম নকৰাৰ লগতে ইজনৰ পিছতে সিজন নেতা হেৰুৱাই আছে আৰু সম্প্রতি দলটো টুইটতে চলি আছে৷ আনহাতে, গান্ধীৰ টুইটক প্রত্যাহ্বান জনাই কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে ফেব্রুৱাৰীত কংগ্রেছে ‘কা’বিৰোধী ছাহিনবার্গ আৰু দিল্লীত সাম্প্রদায়িক সংঘর্ষ, মার্চত জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে মধ্যপ্রদেশৰ ক্ষমতা হেৰুওৱা, এপ্রিলত প্রব্রজিত শ্রমিকক প্রৰোচনা কৰা, মে’ত কংগ্রেছে পৰাজয়ৰ ষষ্ঠ বার্ষিকী উদ্যাপন কৰা, জুনত চীনৰ পক্ষ লৈ দেশখনৰ হকে ওকালতি কৰা আৰু জুলাইত ৰাজস্থানত চৰকাৰ হেৰুওৱাৰ দিশে আগবাঢ়িছে বুলি ৰাহুল গান্ধীক আক্রমণ কৰে৷ সাংবাদিকক সম্বোধন কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে ৰাহুল গান্ধীয়ে প্রতিদিনে টুইট কৰি আছে৷ এনে দেখিলে কংগ্রেছক টুইটৰ দল বুলি ক’ব পাৰি৷ হতাশ আৰু নিৰাশাগ্রস্ত দলটোৱে সকলো সময়তে মোদী চৰকাৰক সমালোচনা কৰি থাকে৷ তদুপৰি ৰাহুল গান্ধীয়ে ক’ৰোনা যুঁজাৰুক নিৰুৎসাহিত কৰাৰ বাবেই অহৰহ প্রয়াস চলোৱা বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে জনতা মোদীৰ সৈতে আছে৷ কংগ্রেছ অসহায় হৈ পৰিছে৷